কাকপথাৰ, 8 ফেব্ৰুৱাৰীঃশনিবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত কাকপথাৰত বিশাল গণ গৰ্জন কাৰ্যসুচী অনুষ্ঠিত হয় ৷ প্ৰায় দহ শহস্ৰাধিক ৰাইজ উপস্থিত থকা এই গণ গৰ্জন কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, মৰাণ ছাত্ৰ সন্থাৰ নৱ মৰাণ, কলিতা জনগোষ্ঠীৰ জয়সুৰ্য বৰা, গায়ক ৰাকেশ ৰিয়ান, মানস ৰবীনকে ধৰি বহুকেইজন ছাত্ৰনেতা আৰু শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ উপস্থিত সকলো লোকে CAA মানি নোলোৱাৰ সংকল্প গ্ৰহণ কৰাৰ লগতে বিজেপি চৰকাৰক ৰাইজৰ মাজত বিভাজন নানিবলৈ আহ্বান জনায় ৷
কাকপথাৰত CAA বাতিলৰ দাবীত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত 'গণ গৰ্জন' কাৰ্যসূচী - CAA
শনিবাৰে কাকপথাৰত CAA বাতিলৰ দাবীৰে অনুষ্ঠিত হয় হয় বিশাল 'গণ গৰ্জন' কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰায় দহ শহস্ৰাধিক লোকৰ লগতে, বিভিন্ন দল সংগঠনৰ কেইবাগৰাকীও নেতা আৰু শিল্পী ৷
'গণ গৰ্জন' কাৰ্যসূচী