তিনিচুকীয়া, 1 জুলাই: কাকপথাৰ দ-পথাৰৰ মাজগাঁৱত প্ৰচণ্ড গুলীয়াগুলী (Kakopathar in Tinsukia)। আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষ । আলফা (স্বা)ৰ দুৰ্ধষ সদস্য ৰূপম অসমৰ নেতৃত্বত ৬ জনীয়া দলৰ সৈতে সংঘৰ্ষ (Bullet exchange between ULFA I and security forces)।
দুয়োপক্ষৰ গুলীয়াগুলী, গ্ৰেণ্ডেড বিস্ফোৰণ । আলফা(স্বা)ৰ সদস্য আহত হোৱাৰ সন্দেহ । ভাৰতীয় সেনাৰ অসম ৰেজিমেন্টৰ কাকপথাৰ, ডিৰাক কেম্পৰ সেনাৰ সৈতে অভিযান অব্যাহত ।
প্ৰাপ্ত তথ্য মতে, দ-পথাৰৰ ভোলা চাংমাই নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল আলফা(স্বা)ৰ 6 জনীয়া দল এটা ৷ সেনা বাহিনীয়ৈ এই খবৰ লাভ কৰি ঘৰটোত অভিযান চলোৱাৰ পাচতেই উভয়পক্ষৰ মাজত প্ৰচণ্ড সংঘৰ্ষ সংঘটিত হয় (Gunbattle between ULFA-I and Indian Army) ৷ ৰূপম অসমৰ নেতৃত্বত থকা দলটোত ৰিংকু অসম, উদয় অসম আৰু মৃগাংক অসমকে ধৰি কেইবাজনো দুধৰ্ষ সদস্য আছিল বুলি সেনা আৰু আৰক্ষীয়ে সন্দেহ কৰিছে ৷
খবৰ অনুসৰি, নিৰাপত্তা বাহিনীৰ অভিযানৰ উমান পাই আত্মগোপনকাৰী আলফা(স্বা)ৰ দলটোৱে প্ৰথমে গ্ৰেণেডেৰে প্ৰতিপক্ষক আক্ৰমণ কৰাৰ পাচতেই এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ সংঘৰ্ষত আলফা নেতা ৰূপম অসমৰ লগতে চাৰিজন সদস্য গুলীয়াগুলীবিদ্ধ হয় যদিও তাৰে তিনিজন সদস্য পলাই যাবলৈ সক্ষম হয় ৷ বিপৰীতে আন এজন গুলীবিদ্ধ সদস্য নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে ৷ নিহত আলফা(স্বা)ৰ সদস্যজন জ্ঞান অসম বুলি সন্দেহ কৰা হৈছে (ULFA cadre dead at Kakopathar) ৷