মাৰ্ঘেৰিটা, 9 ফেব্ৰুৱাৰী: মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱা ঘাটত পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ ৷ চৰকাৰ আহে চৰকাৰ যায় ৷ কিন্তু পৰিৱৰ্তন নহয় বৰুৱা ঘাটৰ বাহৰ দলংখন ৷ খৰালি যেনে তেনে যাতায়ত সম্ভৱ হ'লেও বাৰিষাৰ বাবে নাওৱে হৈ পৰে একমাত্ৰ সাৰথি ৷ বৃহত্তৰ বৰুৱা ঘাট অঞ্চলৰ ৰাইজে দলঙৰ বাবে হাহাকাৰ কৰি আহিছে যদিও প্ৰতিখন চৰকাৰৰ পৰা কেৱল প্ৰতিশ্ৰুতিৰ বাদে আন একো নাপালে ৷
পকী দলং নিৰ্মাণ কৰক, অন্যথা ভোট বৰ্জন কৰাৰ হুংকাৰ বৰুৱা ঘাটবাসীৰ - বৰুৱা ঘাটবাসী
বৃহত্তৰ বৰুৱা ঘাট অঞ্চলৰ ৰাইজে দলঙৰ বাবে হাহাকাৰ কৰি আহিছে যদিও প্ৰতিখন চৰকাৰৰ পৰা কেৱল প্ৰতিশ্ৰুতিহে পালে ৷ সেয়েহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে পকী দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে চৰকাৰক ৷
পকী দলং নিৰ্মাণ কৰক অন্যথা ভোট বৰ্জন কৰিম: বৰুৱা ঘাটবাসী
বাঁহৰ দলঙেই যাতায়তৰ সম্বল হৈ পৰা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ৰোগী সকলেও ভুগী আহিছে যমৰ যাতনা ৷ সেয়েহে এইবাৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে অঞ্চলবাসীয়ে ৷ অঞ্চলটোৰ সাতখনকৈ গাঁৱৰ ৰাইজে চিপ গাঁও হৈ লিডু সংযোগী বৰুৱা ঘাটৰ বাঁহৰ দলঙেৰে কৰি আহিছে যাতায়ত ৷ কিন্তু এইবাৰ নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ অন্যথা ভোট বৰ্জনৰ হুংকাৰ দিছে চৰকাৰক ৷
লগতে পঢ়ক:দিহা নাম, জিকিৰ-জাৰী পৰিবেশনেৰে বটদ্ৰৱাত আজমলৰ সভা