শদিয়া, 6 মে': শদিয়া হাতীগড় গাঁৱক ২০১৫ চনতে চৰকাৰে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছিল যদিও ঘোষণাতে সীমাবদ্ধ থাকিল গাঁওখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷ ১২৫নং ডুমডুমা বিধানসভা সমষ্টিৰ টঙনা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁৱখনৰ দুইমূৰে থকা দুখন কাঠৰ ভগা দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে গাঁওবাসীয়ে ৷ শতাধিক পৰিয়ালে বসবাস কৰা গাঁওখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সকলোৱে এই দলঙেৰেই যাতায়ত কৰিবলগীয়া হয় ৷
শদিয়াৰ দুখন ভগা দলঙে জ্বলাকলা খুৱাইছে ৰাইজক - ETV BHARAT
শদিয়া হাতীগড়বাসীক এতিয়া দুখনকৈ ভগা দলঙে জ্বলাকলা খুৱাইছে ৷ শতাধিক পৰিয়ালে বসবাস কৰা গাঁওখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সকলোৱে এই দলঙেৰেই যাতায়ত কৰিবলগীয়া হয় ৷
দুখনকৈ ভগা দলঙে জ্বলাকলা খুৱাইছে গাঁওবাসীক
প্ৰথমে বাঁহেৰে নিৰ্মাণ কৰা দলঙখন পাছত গঁঞা ৰাইজে নিজৰ টকাৰে কাঠেৰে নিৰ্মাণ কৰি লৈছিল ৷ বৰ্তমান জৰাৰ্জীণ অৱস্থাত থকা দলঙকেইখন নিৰ্বাচন আহিলেই ৰাজনৈতিক দলৰ নেতাই নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পাছত ফুটুকাৰ ফেনত পৰিণত হয় ৷ কি দেখি চৰকাৰে গাঁওখনক আৰ্দশ গাঁও হিচাপে ঘোষণা কৰিছিল বুলি গাঁওবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে ৷