শদিয়া, 5 মে' : বাৰিষাৰ প্ৰাক্ ক্ষণত দৰ্জীজানত ব্যাপক গৰাখহনীয়া ৷ মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈছে অৰ্ধ শতাধিক পৰিয়াল ৷ ডাঙৰী নৈৰ সৈতে সংযুক্ত হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে ডুমডুমাৰ দৰ্জীজানত সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া (Brahmaputra river erosion in Doom Dooma)৷ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত স্থানীয় প্ৰতিনিধি, জিলা প্ৰশাসন তথা চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷
বিধ্বংসী গৰাখহনীয়াৰ কবলত পৰি দৰ্জীজান এলেকাৰ ওৰাং গাঁও সম্পূৰ্ণৰূপে নৈৰ বুকুত বিলিন হৈ যোৱাত অৰ্ধ শতাধিক পৰিয়ালে ঘৰ-ভেটিৰ লগতে হেৰুৱাইছে শ শ বিঘা কৃষিভূমি । ইফালে গৰাখহনীয়াই দৰ্জীজান শিমলুগুৰি সত্ৰৰ সমীপত থকা প্ৰায় 10 টা পৰিয়ালৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷