অসম

assam

ETV Bharat / state

অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ সৈতে বৰডুমচা আৰক্ষীৰ সু-সম্পৰ্ক !

ড্ৰাগছ ব্যৱসায়ীৰ সৈতে গোপন বুজা-বুজি বৰডুমচা আৰক্ষীৰ ৷ দুৱাৰমৰা বনাঞ্চলত ড্ৰাগছ ব্যৱসায়ীৰ সৈতে ছয়গৰাকী আৰক্ষীক হাতে-লুটে ধৰিলে মৰাণ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ৷ ইয়াৰ পাচতেই আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷

বৰডুমচা আৰক্ষীৰ কাণ্ডক লৈ উত্তাল বৰডুমচা

By

Published : Jun 19, 2019, 5:08 AM IST

Updated : Jun 19, 2019, 8:55 AM IST

বৰডুমচা, 19 জুনঃ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ইপিনে অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ সৈতে বৰডুমচা আৰক্ষীৰ সু-সম্পৰ্কৰ কথা বিভিন্ন সময়ত উত্থাপন হৈ থকা সময়তে মঙলবাৰে তেনে এক ঘটনা সংঘটিত হ'ল বৰডুমচা আৰক্ষী থানাৰ নিচেই কাষতে থকা দুৱাৰমৰা বনাঞ্চলত । দুজন ড্ৰাগছ ব্যৱসায়ীৰ লগত আৰক্ষীৰ গোপন লেন-দেন চলি থকাৰ সময়তেই মৰাণ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে হাতে লুটে ধৰে ড্ৰাগছ ব্যৱসায়ী দুজনৰ লগতে ছয়জনকৈ আৰক্ষী বিষয়াক ৷ লগতে ৩০ হাজাৰ টকাৰ লগতে প্ৰায় ১০০ গ্ৰাম অবৈধ ড্ৰাগছো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বৰডুমচা আৰক্ষীৰ কাণ্ডক লৈ উত্তাল বৰডুমচা

অভিযোগ অনুসৰি, বনাঞ্চলৰ মাজত আৰক্ষী আৰু ড্ৰাগছ ব্যৱসায়ীৰ মাজত চলি আছিল গোপন বুজা-বুজিৰ অংক ৷ ইয়াৰ পাচতেই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বৰডুমচা আৰক্ষী থানা । ছাত্ৰ সংগঠনৰ লগতে স্থানীয় পুৰুষ-মহিলাই ঘেৰাও কৰে বৰডুমচা আৰক্ষী থানা । দুই ড্ৰাগছ ব্যৱসায়ীৰ লগত হাতে লুটে ধৰা পৰা আৰক্ষী জোৱান সকলক শীঘ্ৰে নিলম্বনৰ দাবী জনাই ছাত্ৰ নেতাসকলে । উল্লেখযোগ্য যে, আৰক্ষীৰ সম্পূৰ্ণ চত্ৰ-ছায়াতে বৰডুমচা অঞ্চলত নিৰ্বিঘ্নে অবৈধ ড্ৰাগছৰ ব্যৱসায় চলি আহিছে যে তাৰে প্ৰতিফলন ঘটিল মঙলবাৰে ৷

লগতে চাওকঃ ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা...

Last Updated : Jun 19, 2019, 8:55 AM IST

ABOUT THE AUTHOR

...view details