অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটীৰ পৰা অহা নৈশ বাছৰ সৈতে মাৰ্ঘেৰিটা দিশৰ পৰা যোৱা বলেৰ' পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটোৰ ফলত বলেৰ' পিকআপ ভানখন বিধস্ত হৈ পৰাৰ ফলত ভানখনৰ ভিতৰত থকা শ্ৰমিক কেইজন আবদ্ধ হৈ পৰে ৷

bolero pick up collided with a night super in tinsukia
bolero pick up collided with a night super in tinsukia

By

Published : Mar 5, 2021, 10:26 AM IST

মাৰ্ঘেৰিটা, 5 মাৰ্চ:মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত মাৰ্ঘেৰিটা হিলভিউত শুকুৰবাৰে পুৱাই সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাৰ ফলত দুৰ্ঘটনাত পতিত এখন বাহনৰ ভিতৰত বহুকেইজন শ্ৰমিক আৱদ্ধ হৈ পৰে ৷ জানিব পৰা মতে গুৱাহাটীৰ পৰা অহা এ এচ ২৫ ই চি ০২৮৯ নম্বৰৰ এখন নৈশ বাছ আৰু মাৰ্ঘেৰিটা দিশৰ পৰা যোৱা এ এচ ২৩ এ চি ৩১৬৬ নম্বৰৰ বলেৰ' পিকআপ ভানৰ মুখামুখী সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷

গুৱাহাটীৰ পৰা অহা নৈশ বাছ খনৰ সৈতে মাৰ্ঘেৰিটা দিশৰ পৰা যোৱা বলেৰ' পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ

দুৰ্ঘটনাটোৰ ফলত বলেৰ' পিকআপ ভানখন সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে ৷ ভানখনৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰাৰ ফলতে ভানখনৰ ভিতৰত থকা শ্ৰমিক কেইজন আৱদ্ধ হৈ পৰে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ ভিতৰৰ পৰা শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

আৱদ্ধ শ্ৰমিক কেইজনক গছ কাটি উলিয়াব লাগিব বুলি জানিব পৰা গৈছে ৷ শ্ৰমিককেইজন বৰ্তমান জীৱিত অৱস্থাত আছে যদিও অধিক পলম হ'লে মৃত্যুৰ আশংকা কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক:গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰে সংঘৰ্ষত নিহত দুৰ্বৃত্ত

ABOUT THE AUTHOR

...view details