অসম

assam

By

Published : Oct 12, 2022, 3:35 PM IST

Updated : Oct 12, 2022, 10:57 PM IST

ETV Bharat / state

BREAKING NEWS: ডুমডুমা নদীত উদ্ধাৰ মৃতদেহ

উদ্ধাৰ হোৱা মৃতদেহটো কাশ্মিৰা খাতুনৰ বুলি জানিব পৰা গৈছে ৷ স্বামী মহম্মদ শ্বেহবাজ আলিয়ে ডুমডুমা নদীৰ দলঙৰ পৰা তললৈ পেলাই অন্তঃসত্ত্বা পত্নী কাশ্মিৰা খাতুনক হত্যা কৰাৰ অভিযোগ(Murder case in Tinsukia) ৷

Body found in Doom dooma river in Tinsukia
ডুমডুমা নদীত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, 12 অক্টোবৰ:অৱশেষত উদ্ধাৰ হ’ল কাশ্মিৰা খাতুনৰ মৃতদেহ ৷ ডুমডুমা নদীত উদ্ধাৰ হয় কাশ্মিৰা খাতুনৰ মৃতদেহ (Body found in Doom dooma river in Tinsukia) ৷ বুধবাৰে ডুমডুমা নদীৰ কুমাৰীপট্টী ঘাটত (Doom dooma river in Tinsukia) উদ্ধাৰ হৈছে মৃতদেহটো ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কাশ্মিৰা খাতুনৰ মৃতদেহটো উদ্ধাৰ কৰে (Body found in Doom dooma river) ৷

উল্লেখ্য যে, বিগত ৬ অক্টোবৰত তিনিচুকীয়া জিলাৰ ডুমডুমাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল ৷ ডুমডুমা ৰূপাই চাইডিং প্ৰভাত চাহ বাগিচাৰ গৰুমৰা লাইনৰ চেহবাজ মহম্মদে হত্যা কৰিছিল পত্নী কাশ্মিৰা খাতুনক । মৃত্যুৰ সময়ত ২০ বছৰীয়া কাশ্মিৰা খাতুন অন্ত:সত্ত্বা আছিল ৷ অৱশ্যে ডুমডুমা শংকৰদেৱ নগৰৰ বাসিন্দা কাশ্মিৰা খাতুনক ডুমডুমা নদীৰ দলংঙৰ পৰা তললৈ পেলাই হত্যা কৰাৰ কথা আদালতত নিজ মুখে স্বীকাৰ কৰিছে হত্যাকাৰী স্বামী চেহবাজ মহম্মদে ।

এই ঘটনাই সম্প্ৰতি সমগ্ৰ ডুমডুমাতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে । কাশ্মিৰা খাতুনৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু কাশ্মিৰাক ন্যায় প্ৰদানৰ দাবীত বুধবাৰে ডুমডুমাৰ শতাধিক মহিলা ওলাই আহি এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ বিভিন্ন শ্ল'গান সম্বলিত বেনাৰ-প'ষ্টাৰৰ লগতে মমবাতি লৈ ডুমডুমা নগৰৰ মাজমজিয়াত থকা গান্ধী মুৰ্তীৰ সমীপত প্ৰতিবাদকাৰী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পিছে কিয় এই ঘটনা সংঘটিত হ’ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ ইতিমধ্য আৰক্ষীয়ে হত্যাকাৰী চেহবাজ মহম্মদক গ্ৰেপ্তাৰ কৰে ৷ ইফালে মঙলবাৰে ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছিল এক ৰহস্যজনক হত্যাকাণ্ড (Murder case in Dibrugarh) ৷

ডুমডুমা নদীত উদ্ধাৰ মৃতদেহ

টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। গাঁওখনৰ নিতুল শইকীয়াৰ পত্নী নীৰদা শইকীয়া (৪০) নামৰ এগৰাকী মহিলাক নিজা বাসগৃহত নিৰ্মমভাৱে হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই (Sensational murder case at Tingkhong) ৷

মঙলবাৰে প্ৰতিবেশীয়ে বহু সময় ধৰি মহিলাগৰাকীক দেখা নাপাই বিচাৰ-খোচৰ আৰম্ভ কৰে ৷ তাৰ পিছতে ঘৰৰ ভিতৰতে প্ৰতিবেশীয়ে মহিলাগৰাকীৰ মৃতদেহটো তেজেৰে লুতুৰি-পুতুৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷ মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:Murder case at Tingkhong: দুই সন্তানৰ মাতৃক ধৰ্ষণ কৰি হত্যা

Last Updated : Oct 12, 2022, 10:57 PM IST

ABOUT THE AUTHOR

...view details