অসম

assam

এ জে ৱাই চি পিৰ উদ্যোগত ৰক্তদান শিবিৰ

By

Published : Jun 26, 2019, 6:33 PM IST

ডুমডুমা মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰক্তদান শিবিৰ ৷ মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত সম্পন্ন হয় এই কাৰ্যসূচী ৷ প্ৰায় 50 গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে শিবিৰত

এ জে ৱাই চি পিৰ উদ্যোগত ৰক্তদান শিৱিৰ

ডুমডুমা,26 জুন : "ৰক্তদান জীৱন দান" এই মূলমন্ত্ৰৰে ডুমডুমা মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰক্তদান শিবিৰ । ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয়ৰ সহযোগত সম্পন্ন হয় এই কাৰ্যসূচী ৷ এই ৰক্তদান শিবিৰ উন্মোচন কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ জ্যোতি বৰঠাকুৰে। উক্ত ৰক্তদান শিবিৰত যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰায় 50 গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে। যুৱ-ছাত্ৰ পৰিষদে আয়োজন কৰা এই ৰক্তদান শিবিৰত ডুমডুমা অঞ্চলৰ বহুকেইটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনেও সহযোগিতা আগবঢ়ায়।

এ জে ৱাই চি পিৰ উদ্যোগত ৰক্তদান শিৱিৰ

ABOUT THE AUTHOR

...view details