তিনিচুকীয়া,13মাৰ্চ:ৰাজ্যত বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিতাত সংঘটিত হৈছে নিৰ্বাচনকেন্দ্ৰিক এক হিংসাত্মক ঘটনা ৷ নিৰ্বাচনৰ বাবে সৃষ্টি হোৱা বাক-বিতণ্ডাৰ বাবে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো ৷ সমষ্টিটোৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমডুমা নগাঁৱত বিজেপি দলৰ বুথ সমিটিৰ সভাপতি দেবানন্দ গগৈক কোনো দুৰ্বৃত্তই হত্যা কৰে ৷ সভাপতি গৰাকীৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সভাপতি গৰাকীৰ বাসগৃহ ।
প্ৰাপ্ত খবৰ অনুসৰি, শুকুৰবাৰে সন্ধিয়া বৰডুমচা থানাৰ অন্তৰ্গত ডুমডুমা নগাঁৱৰ বিজেপি দলৰ বুথ সমিতিৰ সভাপতি দেৱানন্দ গগৈক ঘৰৰ সমীপতে কোনো দুৰ্বৃত্তই চুৰিৰে হানি খুচি হত্যা কৰিছিল । ইয়াৰ পিছতেই সমগ্ৰ অঞ্চলটোতেই সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে অভিযুক্ত বুলি সন্দেহ কৰা একে গাঁৱৰে জয়চন্দ্ৰ গগৈক শুকুৰবাৰে নিশা আৰক্ষীৰ তৎপৰতাত ফিল'বাৰীৰ পৰা আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰনৰ মন্তব্য প্ৰদান কৰা নাই যদিও অভিযুক্ত জয়কান্ত গগৈক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।