শদিয়া,31 মাৰ্চ: শদিয়াৰ কাকপথাৰৰ টঙনাত স্বয়ম আঁচনিৰ নামত ধন দাবীত নামি পৰিছে বিজেপিৰ ৱাৰ্ড সদস্যা ৷ টঙনা পঞ্চায়তৰ ১ নং ৱাৰ্ডত ৰাতুল ডেকা নামৰ যুৱকজনক স্বয়ম আঁচনি দিয়াৰ নামত ৱাৰ্ডটোৰ পঞ্চায়ত সদস্যা জোনালী চুতীয়াই ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ তাৰ পৰিপেক্ষিতত মঙলবাৰে ৱাৰ্ড সদস্যা আৰু হিতাধিকাৰী গৰাকীৰ মাজত তৰ্কাতকি হোৱাত ৱাৰ্ড সদস্যা গৰাকীয়ে চহৰৰ মাজ-মজিয়াত মাৰপিট কৰা বুলি যুৱকজনৰ বিৰুদ্ধে টঙনা আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷
বিজেপিৰ ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ - বিজেপি কৰ্মী
কাকপথাৰ টঙনাত স্বয়ম আঁচনিৰ নামত বিজেপিৰ ৱাৰ্ড সদস্যাৰ ধন দাবীৰ অভিযোগ ৷ দাবী কৰা ধন নিদিয়াত ভূৱা গোচৰ তৰি যুৱকক হাৰাশাস্তি নেত্ৰী গৰাকীৰ ৷
নেত্ৰী গৰাকীৰ এনে কাণ্ডত উপায়ন্তৰ হৈ মঙলবাৰে ৰাইজে টঙনা থানাত উপস্থিত হৈ ৱাৰ্ড সদস্যা গৰাকীৰ ওপৰত অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ আগতেও ৱাৰ্ড সদস্যা গৰাকীৰ লগতে আন এগৰাকী বিজেপি কৰ্মীয়ে পঞ্চায়তখনত স্বয়ম আঁচনি কৰি দিয়াৰ নামত ধন দাবী কৰাৰ ঘটনা সংঘটিত হৈছিল ৷ ৱাৰ্ড সদস্যা গৰাকীয়ে "মিলাই দিব লাগে, মিলাই দিব লাগে" বুলি অডিঅ’টোত কৈছে যদিও কাক মিলাই দিব লাগে সেইয়া প্ৰকাশ কৰা নাই ৷ প্ৰথমে পচিশ হাজাৰ, তাৰ পিছত বিশ হাজাৰ আৰু শেষত দহ হাজাৰ টকা দাবী কৰিছে বুলি ৰাতুল ডেকাই সাংবাদিকক জানিবলৈ দিয়ে ৷ কালি হোৱা ঘটনাত ৰাতুল ডেকাই ৱাৰ্ড সদস্যা জোনালী চুতীয়াক মাৰপিট কৰা নাই বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷ এইদৰে নিবনুৱা যুৱকৰ বাবে ৰাজ্য চৰকাৰে অনুদান দিয়াৰ পিছত বিজেপিৰ ৱাৰ্ড সদস্যাই ধন দাবী কৰাৰ ঘটনা বিয়পি পৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে টঙনা অঞ্চলত ৷ ইতিমধ্যে ৱাৰ্ড সদস্যা গৰাকীয়ে দিয়া এজাহাৰৰ ওপৰত যুৱক ৰাতুল ডেকাও টঙনা থানাত এজাহাৰ দিয়া বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:মাজবাট সমষ্টিত ১,৫৭,৩১৮ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৯ গৰাকী প্ৰাৰ্থীৰ