অসম

assam

ETV Bharat / state

অথঃ কয়লা সংবাদঃ কি ক'লে বিজেপি মুখপাত্ৰ সুভাষ দত্তই? - BJP Spoke Person Subhash Dutta on coal syndicate

উজনি অসমত সংঘটিত কয়লা ছিণ্ডিকেট সন্দৰ্ভত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৰা বিস্ফোৰক মন্তব্যৰ পাছতেই বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তৰ প্ৰতিক্ৰিয়া ৷ সংবাদমেলৰ আহ্বান কৰি নেতাগৰাকীয়ে ছিণ্ডিকেট সংক্ৰান্তত দলীয় স্থিতি স্পষ্ট কৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰে ৷

অথঃ কয়লা সংবাদঃ কি ক'লে বিজেপি মুখপাত্ৰ সুভাষ দত্তই?

By

Published : Oct 3, 2019, 10:34 PM IST

তিনিচুকীয়া,3 অক্টোবৰঃ মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমত কয়লাৰ ব্যাপক হাৰত ছিণ্ডিকেট সংঘটিত হোৱা বুলি নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ উত্থাপন কৰাৰ পাছতেই পুনৰ চৰ্চিত হৈ পৰিছে কয়লা ছিণ্ডিকেট প্ৰসংগ ৷ যাৰ পাচতে ৰাজ্যত জাঙুৰ খাই উঠিছে ৰাজ্যিক বিজেপি । বৃহস্পতিবাৰে তিনিচুকীয়া সাংবাদিক চৰাত অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈক উভতি ধৰে । উজনিৰ অবৈধ কয়লা সৰবৰাহ বন্ধ হৈ থকাৰ লগতে সকলো অবৈধ ব্যৱসায় বন্ধ কৰাত সোণোৱাল চৰকাৰ সফল হৈছে বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে । ইয়াৰ উপৰিও কংগ্ৰেছে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিভ্ৰান্তিকৰ কথাৰে অপপ্ৰচাৰ চলোৱা বুলিও সংবাদমেলত অভিযোগ কৰে সুভাষ দত্তই ।

অথঃ কয়লা সংবাদঃ কি ক'লে বিজেপি মুখপাত্ৰ সুভাষ দত্তই?

তেওঁ লগতে কংগ্ৰেছক কটাক্ষ কৰি কয়,"কংগ্ৰেছ এতিয়া ভেটিহীন, একমাত্ৰ সংবাদ মাধ্যমৰ যোগেদিহে কংগ্ৰেছে নিজৰ অস্তিত্ব জাহিৰ কৰে ৷" লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ এতিয়া সংবাদমেল আহ্বানৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে বুলিও সুভাষ দত্তই মন্তব্য কৰে ৷ ইফালে এতিয়ালৈকে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰে সেয়াহে লক্ষণীয় হ'ব ৷

খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত চলিছে কয়লা ছিণ্ডিকেটঃ প্ৰদুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details