অসম

assam

By

Published : Oct 28, 2020, 4:47 PM IST

ETV Bharat / state

ৰাইজক বলিন চেতিয়াক আৰ্শীবাদ দিবলৈ আহ্বান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

শদিয়াৰ শান্তিপুৰ জনসভাত মন্ত্ৰী ড' হিমন্তবিশ্ব শৰ্মা ৷ শদিয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰগড়ালৈ যোৱা ৮.৫ কিলোমিটাৰ পথ ছোৱাৰ আধাৰশিলা স্থাপন কৰে ৷

bjp meeting sadiya  at himanta biswsa sharma
ৰাইজক বলিন চেতিয়াক আৰ্শীবাদ দিবলৈ আহ্বান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

শদিয়া 28 অক্টোবৰঃ ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে শদিয়া সমষ্টিৰ শান্তিপুৰৰ এখন জনসভাত অংশ লয় ৷ শদিয়া জিলা বিজেপিৰ উদ্যোগত আৰু ৰাজগড় মণ্ডল বিজেপিৰ সহযোগত ৪ নং শান্তিপুৰ মুকলি মঞ্চত হোৱা জনসভাত মন্ত্ৰীজনে বিগত সময়ছোৱাত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে কৰি অহা কামত খতিয়ান দাঙি ধৰে ৷

ৰাইজক বলিন চেতিয়াক আৰ্শীবাদ দিবলৈ আহ্বান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ইপিনে সমাগত বিধানসভা নিৰ্বাচনত জয়ী হৈ ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মত প্ৰকাশ কৰে ৷ বিধায়ক বলিন চেতিয়াই সমষ্টিটোৰ উন্নয়নৰ বাবে বহু কাম কৰিছে, আৰু ভৱিষ্যতে কৰি যোৱা স্বাৰ্থত বলিন চেতিয়াক আৰ্শীবাদ কৰিবলৈ আহ্বান জনায় ৰাইজক ৷

শদিয়া জিলা বিজেপিৰ সভাপতি যুধিষ্টিৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জনসভাত লক্ষিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিধায় বলিন চেতিয়াকে ধৰি বহু ন-পুৰণি বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে ৷ তাৰ সমান্তৰালভাবে লোক নিৰ্মাণ বিভাগৰ "ছিগ্নেচাৰ" আচঁনিৰ যোগেদি ৯,৯৯ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া শদিয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰগড়ালৈ ৮.৫০ কিলোমিটাৰ পথছোৱাৰো আধাৰশিলা স্থাপন কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ম্যানমাৰ সেনাৰ অপাৰেশ্বন ছানৰাইজ-3

ABOUT THE AUTHOR

...view details