অসম

assam

By

Published : Jan 9, 2021, 10:43 PM IST

ETV Bharat / state

শদিয়াত বিজেপিৰ বুথ সন্মিলনত মন্ত্ৰী পিযুষ হাজৰিকা

ভাৰতীয় জনতা পাৰ্টী শদিয়া জিলা সমিতিৰ উদ্যোগত ড° ভূপেন হাজৰিকা সেঁতু সমীপৰ বালি চাপৰিত শনিবাৰে এখনি বুথ সন্মিলন অনুষ্ঠিত হয় ৷ উক্ত বুথ সন্মিলনত উপস্থিত থাকে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত, সাংসদ প্ৰদান বৰুৱাৰ লগতে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ।

bjp-meeting-present-minister-piyuz-hazarika-in-sadiya
শদিয়াত বিজেপিৰ বুথ সন্মিলনত মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত

শদিয়া,9 জানুৱাৰী : ভাৰতীয় জনতা পাৰ্টী শদিয়া জিলা সমিতিৰ উদ্যোগত ড° ভূপেন হাজৰিকা সেঁতু সমীপৰ বালি চাপৰিত শনিবাৰে এখনি বুথ সন্মিলন অনুষ্ঠিত হয় ৷ উক্ত বুথ সন্মিলনত উপস্থিত থাকে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত, সাংসদ প্ৰদান বৰুৱাৰ লগতে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ।

মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য

শদিয়া জিলা বিজেপিৰ সভাপতি যুধিষ্ঠিৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বুথ সন্মিলনত বিধায়ক বলিন চেতিয়াৰ পাঁচ বছৰীয়া কৰ্ম খতিয়ান পত্ৰিকা উন্মোচন কৰে পিযুষ হাজৰিকাই । বুথ সন্মিলনত শদিয়াৰ 228 টা বুথ সমিতিৰ কৰ্মকৰ্তা উপস্থিত থাকি 2021 চনৰ নিৰ্বাচনৰ বাবে এক প্ৰকাৰে শদিয়া সমষ্টিত নিৰ্বাচনী ৰনডংকা বজায় ।

বিজেপিত যোগদানৰ মুহূৰ্ত

ইয়াৰ উপৰিও শদিয়া বিধানসভা সমষ্টিত নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছে কোনো ধৰনৰ বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি বিধায়ক বলিন চেতিয়াই ভাষনত ব্যক্ত কৰে । আনহাতে, মন্ত্ৰী পিযুষ হাজৰিকাই নতুন দলসমূহে নিজৰ আমানত ধন অবাবত খৰছ কৰি লাভ নাই বুলি মন্তব্য কৰে ৷ উক্ত বুথ সন্মিলনত কাকপথাৰ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি দেৱাশীষ ভড়ালীকে ধৰি বহুকেইজনে বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক :অসমৰ প্ৰতিজন নাগৰিকৰ মুৰত ২৪ হাজাৰ টকাৰ ধাৰৰ বোজা

ABOUT THE AUTHOR

...view details