তিনিচুকীয়া, ২অক্টোবৰ: এফালে কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৰুধিবলৈ চৰকাৰে স্বাস্থ্য বিধি ঘোষণা কৰিছে, আনফালে মন্ত্ৰী-বিধায়কৰ সভাত মাস্ক নিপিন্ধা শতাধিক মানুহৰ সমাবেশ। তিনিচুকীয়াত ধোঁৱাচাঙত COVID-19ৰ প্ৰট'কল। সামাজিক দূৰত্ব বাদ দি ডিগবৈৰ টিংৰাইস্থিত ৰাজহুৱা খেলপথাৰত ভিৰ কৰিলেহি বি জে পিৰ দলীয় কৰ্মকৰ্তাই।
তিনিচুকীয়াত ধোঁৱাচাঙত কৰ'ণাৰ প্ৰ'ট'কল ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সমিতিৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে টিংৰাইস্থিত ৰাজহুৱা খেলপথাৰত ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ,হাপজান সদৰ আৰু মাকুম মণ্ডলৰ সহযোগত এখন দলীয় কাৰ্যকৰ্তা সভা অনুষ্ঠিত হয়। উক্ত সভাত তিনিচুকীয়া জিলাৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ উপৰিও কেইবাগৰাকীও দলীয় বিষয়ববীয়া উপস্থিতি থাকে।
তিনিচুকীয়াত ধোঁৱাচাঙত কৰ'ণাৰ প্ৰ'ট'কল সভাত প্রায় ১৮০ গৰাকী লোকে বিজেপিত যোগদান কৰে। মাস্ক নিপিন্ধি নীতি উলংঘা কৰা সাধাৰণ ৰাইজক ৫০০ টকাকৈ জৰিমনা বিহাৰ বিপৰীতে দলীয় সভাত মাস্ক নিপিন্ধাকৈ নিৰ্ভয়ে অংশ লৈছে বহু লোকে। মন্ত্ৰী-বিধায়কৰ আৰ্শীবাদপুষ্ট এইসকল লোকে কেৰেপ নকৰে মহামাৰীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া স্বাস্থ্য বিধি।
তিনিচুকীয়াত ধোঁৱাচাঙত কৰ'ণাৰ প্ৰ'ট'কল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে আহ্বান জনাইছে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰিবলৈ। বিজ্ঞাপন দি জন সচেতনতা বৃদ্ধিৰ আহ্বানো জনোৱা হৈছে । মন্ত্ৰীয়ে কৈছে ৰাইজ সাৱধান নহ'লে ভয়াবহ হ'ব অসমৰ পৰিবেশ। বিছনা, অক্সিজেনৰ নাটনিৰ বিষয়েও সকিয়াই দিছে।
তিনিচুকীয়াত ধোঁৱাচাঙত কৰ'ণাৰ প্ৰ'ট'কল পিছে একেটা দলৰ মন্ত্ৰী বিধায়কৰে গা লৰাব পৰা নাই স্বাস্থ্যমন্ত্ৰীৰ আহ্বানে। সাধাৰণ জনতাক ভয়াৱহ পৰিস্থিতিৰ মাজলৈ ঠেলি দি ৰাজনৈতিক গাদী দখলৰ কুচ-কাৱাজ চলাইছে একাংশ ৰাজনৈতিক নেতাই।