অসম

assam

ETV Bharat / state

বিতৰ্কত ডিগবৈৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নাম

বিতৰ্কত নাম সাঙুৰ খাইছে ডিগবৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নাম ৷ সমাজৰ পৰা লুকুৱাই দ্বিতীয় পত্নী ৰখাৰ লগতে নিৰ্বাচন আয়োগক সা-সম্পত্তিৰ তালিকাত বৃহৎ ফাকি দিয়াৰ গুৰুতৰ অভিযোগ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে ৷

bjp-candidate-suren-phukan-is-in-controversy
বিতৰ্কত ডিগবৈৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নাম

By

Published : Mar 25, 2021, 4:38 PM IST

তিনিচুকীয়া,25 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো এটা দিন বাকী থকাৰ সময়তে বিতৰ্কত নাম সাঙুৰ খাইছে ডিগবৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নাম ৷ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে সমাজৰ পৰা লুকুৱাই দ্বিতীয় পত্নী ৰখাৰ লগতে নিৰ্বাচন আয়োগক সা-সম্পত্তিৰ তালিকাত বৃহৎ ফাকি দিয়াৰ গুৰুতৰ অভিযোগ ৷ এক সংবাদমেল যোগে টিংৰাই 1 নং অসমীয়া গাঁৱৰ ৰাজীৱ মৰাণ নামৰ এজন লোকে বিজপিৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ ৷ অভিযোগ অনুসৰি 2021 ৰ ভোটাৰ তালিকাত নাম আছে প্ৰাৰ্থী গৰাকীৰ দ্বিতীয় পত্নীৰ নাম ৷ য'ত তেঁওৰ স্বামী হিচাপে উল্লেখ আছে সুৰেন ফুকনৰ নাম ৷

বিতৰ্কত ডিগবৈৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নাম

উল্লেখ্য যে,123 নং ডিগবৈ সমষ্টিৰ টিংৰাই গাঁও পঞ্চায়তৰ খণ্ড নং 47 ৰ ক্ৰমিক নং 928 ত আছে সুৰেন ফুকনৰ দ্বিতীয় পত্নীৰ নাম ৷ ভোটাৰ পৰিচয় পত্ৰ নং (Epic no) JMV 4345760 ত নাম পঞ্জীয়ন থকা প্ৰাৰ্থী গৰাকীৰ দ্বিতীয় পত্নী গৰাকীৰ নামত আছে অগাধ সম্পত্তি ৷ উল্লেখ্য যে, বিজেপিৰ প্ৰাৰ্থী সুৰেন ফুকনে মনোনয়ন পত্ৰত কেৱল প্ৰথম পত্নীৰ নাম উল্লেখ কৰাৰ লগতে নিৰ্বাচনী আয়োগক কেৱল প্ৰথম পত্নীৰ নামত থকা সম্পত্তিৰ তালিকা প্ৰকাশ কৰিছিল ৷ এই সংক্ৰান্তত নিৰ্বাচন আয়োগৰ কাষ চাপিব বুলি জনাইছে অভিযোগকাৰী ৰাজীৱ মৰাণে ৷

লগতে পঢ়কঃগৌৰীপুৰৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ

ABOUT THE AUTHOR

...view details