তিনিচুকীয়া , 27 মাৰ্চঃতিনিচুকীয়াৰ মাকুমত মঙলবাৰে নিশা নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি হাতে-লোটে ধৰা পৰিল বিজেপি কৰ্মী ৷ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ ধুম উঠাৰ মাজতে বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি দলীয় কৰ্মীক পাৱাৰ টিলাৰ বিতৰণ কৰি থকা সময়ত হাতে-লোটে ধৰা পেলাই স্থানীয় ৰাইজ আৰু কংগ্ৰেছৰ এটা দলে ৷
তিনিচুকীয়াত নিৰ্বাচনী আচৰণ বিধি উলংঘন বিজেপিৰ - বিজেপি
বিতৰণ কৰি থকা অৱস্থাত ৰাইজে জব্দ কৰিলে ৬ খনকৈ পাৱাৰটিলাৰ
মঙলবাৰে নিশা বিজেপিৰ ৰাজ্যিক সম্পাদক পুলক গোঁহাইৰ মাকুম জ্যোতিনগৰৰ বাসগৃহৰ সন্মুখত স্থানীয় ৰাইজে ৬ খনকৈ পাৱাৰটিলাৰ বিতৰণ কৰি থকা প্ৰত্যক্ষকৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু কংগ্ৰেছী দল এটাই পাৱাৰটিলাৰ বিতৰণত বাধা প্ৰদান কৰাৰ লগতে পাৱাৰটিলাৰ কেইখন জব্দ কৰি মাকুম আৰক্ষীক চমজাই দিয়ে ৷ ইপিনে কংগ্ৰেছী দলটোৱে আৰু স্থানীয় ৰাইজে পাৱাৰটিলাৰ সমূহ জব্দ কৰাকলৈ ঘটনাস্থলীত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিজেপিৰ দলীয় কৰ্মী সকলক ট্ৰেক্টৰবিতৰণৰ উদ্দেশ্যে মঙলবাৰে ২০খন পাৱাৰটিলাৰ তিনিচুকীয়ালৈ অনা হৈছিল ৷ ইয়াৰে চৈধ্যখন জিলাখনৰ ভিন্ন স্থানলৈ পঠাই বাকী থকা ৬খন পাৱাৰটিলাৰ বিজেপিৰ ৰাজ্যিক সম্পাদক পুলক গোঁহাইৰ ঘনিষ্ঠ দলীয় কৰ্মীক বিতৰণ কৰি থকা সময়তে স্থানীয় ৰাইজ আৰু কংগ্ৰেছী দলে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ তুলি পাৱাৰটিলাৰ কেইখন জব্দ কৰে ৷