তিনিচুকীয়া, 19 নৱেম্বৰ : শোষিত নিষ্পেষিত সাধাৰণ প্ৰজাক 1769 চনতে সুপৰিকল্পিতভাৱে সংগঠিত কৰি স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ কু-শাসনৰ বিৰুদ্ধে সৱল নেতৃত্ব দি গণবিপ্লৱৰ সূচনা কৰা মহানায়ক গৰাকীয়েই হ'ল বীৰ ৰাঘৱ মৰাণ ৷ অসীম বীৰত্ব, অসাধাৰণ সাংগঠনিক দক্ষতা, সংগ্ৰামী ৰণকৌশল, যুদ্ধ পৰিচালনাৰ দক্ষতা, স্বদেশ প্ৰেমৰ সমাহাৰত গঢ় লৈ উঠিছিল ৰীঘৱ মৰাণৰ বীৰত্বব্যঞ্জক সংগ্ৰামী সত্তা ৷ এই মহানায়ক গৰাকীক বিশ্বৰ দৰবাৰত চিনাকী কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখিয়ে বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত, অসম মৰাণ সভাৰ উদ্যোগত, মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ সহযোগত তথা সোণজান যুৱক সংঘ, সোণজান আদর্শ মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ আতিথ্যত ডিৰাক সোণজানত ৰজা ৰামাকান্ত সমন্বয় ক্ষেত্ৰত বীৰ ৰাঘৱ মৰাণ দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৷
মৰাণ জনগোষ্ঠীৰ 6 টা সংগঠনৰ উদ্যোগত আয়োজন কৰা দিৱসটোৰ প্ৰথম কাৰ্যসূচী পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে চিকিৎসক প্ৰণৱজ্যোতি দত্তই ৷ পৰৱৰ্তী কাৰ্যসূচী একাদিক্ৰমে ৰজা ৰামাকান্ত সমন্বয় ক্ষেত্ৰ উন্মোচন কৰে বৰ ডিৰাক মায়ামৰা টিপুক সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কেশীনাথ মহন্তই ৷ তাৰ পাছতে মৰাণ জনগোষ্ঠীৰ 6 সংগঠনৰ সভাপতি সকলে নিজ নিজ সংগঠনৰ পতাকা উত্তোলন কৰে ৷