অসম

assam

ETV Bharat / state

APSC ৰ ফলাফল : ২১ সংখ্যক স্থান দখল তিনিচুকীয়াৰ বিপ্লৱ শৰ্মাৰ - বিপ্লৱ শৰ্মা

অসম লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাকপথাৰ ৰজাগড়লৈ গৌৰৱ কঢ়িয়াই আনিছে বিপ্লৱ শৰ্মা বৰদলৈয়ে ৷ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাত ৰাজ্যৰ ভিতৰত ২১ নং স্থান লাভ কৰে বিপ্লৱে ৷

biplob-sharma-of-dibrugarh-is-ranked-21st-in-apsc
APSCত ২১ নং স্থান ডিব্ৰুগড়ৰ বিপ্লৱ শৰ্মাৰ

By

Published : Dec 25, 2020, 5:20 PM IST

শদিয়া,25 ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ ৰজাগড়ৰ এগৰাকী ছাত্ৰই সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাত ৰাজ্যৰ ভিতৰত ২১ নং স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ৷ ৰজাগড়ৰ ৰমেশ শৰ্মা বৰদলৈ আৰু জানমনি দেৱীৰ পুত্ৰ বিপ্লৱ শৰ্মা বৰদলৈয়ে ৰাজ্যৰ ভূমি আৰু ৰাজহ বিভাগত ২১ নং স্থান লাভ কৰিছে ৷ বিপ্লৱে ৰূপাই জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত আৰু ডিব্ৰুগড় জ্ঞান বিজ্ঞান একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ৷

APSCত ২১ নং স্থান ডিব্ৰুগড়ৰ বিপ্লৱ শৰ্মাৰ

ইয়াৰ পিছতে ডিব্ৰুগড় ইন্দেশ্বৰ শৰ্মা একাডেমীৰ পৰা স্নাতকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতি লাভ কৰে ৷ স্নাতকৰ ডিগ্ৰী লাভ কৰাৰ পিছত বিপ্লৱে লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আৰু সদ্যঘোষিত ফলাফলত সুখ্যাতি লাভ কৰে ৷ বিপ্লৱৰ এই সুখ্যাতিত গৌৰাম্বিত হৈ ৰূপাই জাতীয় বিদ্যালয়ে তেওঁক সম্বৰ্দ্ধনা জনায় ৷ পুত্ৰৰ সফলতাত আনন্দিত এতিয়া বিপ্লৱৰ পিতৃ-মাতৃ ৷

APSCত ২১ নং স্থান ডিব্ৰুগড়ৰ বিপ্লৱ শৰ্মাৰ

অন্য এক খবৰৰ বাবে: ছয়গাঁৱত পথ দুৰ্ঘটনাত নিহত ট্ৰেক্টৰ চালক

ABOUT THE AUTHOR

...view details