তিনিচুকীয়া, 2 নৱেম্বৰ :বাঘজান কাণ্ডই 160 দিন পাৰ কৰাৰ পাছতো নিৰ্বাপিত ন'হল বাঘজানৰ বিজিআৰ 5 নং তৈল খাদৰ জুই ৷ ইয়াৰ লগতে ৰাইজে পোৱা নাই কোনো ধৰণৰ ক্ষতিপূৰণ ৷ অৱশেষত শীঘ্ৰে জুই নিৰ্বাপনৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে উচিত ক্ষতিপূৰণৰ দাবীৰে সোমবাৰে বাঘজানবাসী ৰাইজে বাঘজানৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজানস্থিত মুখ্য কাৰ্যালয়লৈ এক বৃহৎ বাইক ৰেলী উলিয়াই ৷
শীঘ্ৰে বাঘজানৰ জুই নিৰ্বাপনৰ দাবীৰে বৃহৎ বাইক ৰেলী - অইল ইণ্ডিয়া লিমিটেড
বাঘজানৰ কাণ্ডই অতিক্ৰম কৰিলে 160 দিন ৷ আজিও নিৰ্বাপন ন'হল বাঘজানৰ জুই ৷ বাঘজানবাসী ৰাইজৰ ক্ষতিপূৰণ আৰু শীঘ্ৰে জুই নিৰ্বাপনৰ দাবীৰে অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজানস্থিত মুখ্য কাৰ্যালয়লৈ বৃহৎ বাইক ৰেলী ৷
বাঘজানৰ জুই নিৰ্বাপনৰ দাবীৰে বৃহৎ বাইক ৰেলী
উল্লেখ্য যে মঙলবাৰে এনজিটি য়ে বাঘজানবাসী ৰাইজৰ ক্ষতিপূৰণৰ প্ৰাথমিক পৰ্যায়ৰ তথা আগধনৰ শুনানি গ্ৰহণ কৰিব । মঙলবাৰে এনজিটি য়ে প্ৰদান কৰিব লগা ৰায় যাতে সঠিক হয় সেই উদ্দেশ্যৰেই বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘ আৰু বাঘজান - কলিয়াপানী ৰাইজৰ উদ্যোগত বাঘজানৰ পৰা দুলিয়াজানলৈ বাইক ৰেলীৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
লগতে পঢ়ক:ক্ষেত্ৰীত স্থাপন হ'ব ভাৰত-ইজৰাইল প্ৰকল্পৰ বিশেষ কৃষি কেন্দ্ৰ