তিনিচুকীয়া, 4 এপ্ৰিল : হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ এতিয়া সকলো অসমবাসী ব্যস্ত হৈ পৰিছে ৷ বিগত বৰ্ষত ক'ৰণা মহামাৰীৰ বাবে অসমবাসী ৰাইজে ৰঙালী বিহু উদযাপন কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল ৷ কিন্তু এইবাৰ গাঁৱৰ ডেকা-জীয়ৰী, কণমানি ল’ৰা-ছোৱালী সকলো বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে ৷ ডিগবৈৰ বালিজান "বিহু নাচ আৰু ঢোল বাদন "কৰ্মশালা পৰিচালনা সমিতি-২০২১ৰ উদ্যোগত ১ এপ্ৰিল পৰা ১০ এপ্ৰিল লৈ দহ দিনীয়াকৈ বিহু কৰ্মশালা কাৰ্যসূচী হাতত লোৱা হৈছে ৷
কৰ্মশালাৰ প্ৰথম দিনটোত এখন সভা আয়োজন কৰে উদ্যোক্তাসকলে । সভাত উপস্থিত আছিল পৰিচালনা সমিতিৰ সভাপতি নৱজানী বৰুৱা শইকীয়া, ডিগবৈ মহাবিদ্যালয় প্ৰাক্তন অধ্যাপক ড৹ বিকাশ কুমাৰ বৰুৱা, বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত ভূঞা ৷ বক্ততাৰ লগতে বিহু নামেৰে কৰ্মশালা খনি উদ্বোধন কৰে কেন্দ্ৰীয় বৰ বিহুৱতি (বিহু সুৰক্ষা সমিতিৰ স্বীকৃতিপ্ৰাপ্ত ) স্বপ্নালী গগৈ বড়োয়ে ৷