তিনিচুকীয়া, ২৭ মাৰ্চ: গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিপিবদ্ধ কৰিবলৈ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দহ সহস্ৰাধিক বিহুৱা- নাচনীয়ে একে স্থানত বিহু নাচ প্ৰদৰ্শন কৰিব । এই বিহু নৃত্যত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যেই তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পৰা ১০০ গৰাকীকৈ অৰ্থাৎ পাঁচটা বিধানসভা সমষ্টিৰ পৰা সৰ্বমুঠ ৫০০ গৰাকী বিহুৱা- নাচনী নিৰ্বাচিত কৰি নাম পঞ্জীয়ন কৰা হৈছে (Bihu dance in Guinness world record)।
প্ৰতিটো সমষ্টিতে চাৰিগৰাকীকৈ প্ৰশিক্ষণপ্ৰাপ্ত মাষ্টাৰ ট্ৰেইনাৰে নাম পঞ্জীয়ন কৰা বিহুৱা -নাচনীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব (Bihu dance workshop) । ৰাজ্যৰ আন আন জিলাৰ লগতে তিনিচুকীয়া জিলাতো তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা আৰু শদিয়া সমষ্টিত নিৰ্বাচিত তথা নাম পঞ্জীয়ন কৰা ৫০০ গৰাকী বিহুৱা-নাচনীৰ প্ৰশিক্ষণ সোমবাৰৰ পৰা আৰম্ভ হৈছে । এই বিহুনাচৰ প্ৰশিক্ষণ কাৰ্যসূচী ৩১ মাৰ্চলৈকে অনুষ্ঠিত হ’ব । তিনিচুকীয়া সমষ্টিত সোমবাৰৰ পৰা বৰদলৈ নগৰস্থিত এ.নিউ হাইস্কুলত আৰম্ভ হোৱা বিহুৱা-নাচনী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত স্বপ্নীল পালে । জিলা উপায়ুক্ত গৰাকীয়ে প্ৰশিক্ষণস্থলীত উপস্থিত হৈ অংশগ্ৰহণকাৰীৰ বাবে উপলব্ধ যাৱতীয় সা- সুবিধা সমূহৰো বুজ লয় ।