অসম

assam

ETV Bharat / state

Assam Bihu Guinness book of world record: নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে তেজপুৰ - Bihu dance workshop

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই খেলপথাৰত বিহু নৃত্যৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্য়ত(Assam Bihu Guinness book of world record) । তাৰবাবে সাজু হৈছে অন্যান্য প্ৰান্তৰ দৰে তেজপুৰৰ বিহুৱা-নাচনীও । উখল-মাখল পৰিৱেশৰ মাজেৰে তেজপুৰৰ নেহৰু ময়দানত চলি আছে বিহু নৃত্যৰ প্ৰস্তুতি ।

Bihu dance training for Guinness book of world record in Tezpur
নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে তেজপুৰ

By

Published : Mar 29, 2023, 9:08 PM IST

নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে তেজপুৰ

তেজপুৰ,২৯ মাৰ্চ: ৰঙালী বিহুলৈ দিন চেৰেক । ৰাজ্যজুৰি চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । সমানে সমানে চলিছে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰো প্ৰস্তুতি । ইতিমধ্যে বিশ্ব দৰবাৰত অসমৰ বিহুয়ে ইতিহাস ৰচিবলৈ সাজু হৈছে ৷ তাৰ বাবে সমগ্ৰ ৰাজ্যৰ বিহুৱা-বিহুৱতীৰ লগতে সাজু হৈছে তেজপুৰৰ শিল্পী সকলো ৷ তেজপুৰৰ নেহৰু ময়দানত শ শ বিহুৱা নাচনীয়ে প্ৰতিদিনে চলাইছে বিহুৰ আখৰা(Bihu dance training for Guinness book of world record in Tezpur) ।

বুধবাৰে পুৱাৰ ভাগতে তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত বিহু অনুশীলনত উপস্থিত থাকে শংকৰদেৱে কলাক্ষেত্ৰৰ সচিব (Sankaradeva Kalakshetra Secretary) সুদৰ্শন ঠাকুৰ আৰু মুখ্য প্ৰশিক্ষক জয়ন্ত সোণোৱাল ৷ প্ৰশিক্ষাৰ্থীসকলক গুৱাহাটীত প্ৰদৰ্শিত হ'বলগীয়া বিহুৰ নিয়মসমূহৰ লগতে তেওঁলোকক তাৰবাবে ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে । আনহাতে, প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিহু প্ৰদৰ্শন কৰিবলৈ ব্যস্ত হৈ পৰিছে অসম চৰকাৰ(Bihu dance workshop) ৷

এই বিহু প্ৰদৰ্শনীয়ে বিশ্ব অভিলেখ গঢ়িব বুলিও উল্লেখ কৰা হৈছে ৷ ১১ হাজাৰ বিহুনৃত্য শিল্পীয়ে ১৪ এপ্ৰিলত একেলগে সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শন কৰিব বিহু ৷ প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক বিহুৱাই ঢোলত চেও দি গীনিজ বুক অব্ ৰেকৰ্ডত স্থান দখলৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে ৷ ব'হাগ বিহু অৰ্থাৎ ১৪ এপ্ৰিলৰ দিনা ঢোলৰ চেৱত গিজগিজাবলগীয়া সৰুসজাই ষ্টেডিয়াত কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই উপস্থিত নাথাকে (Bihu dance workshop across Assam) ৷ দেশৰ প্ৰায়কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ো উপস্থিত থাকিব উক্ত অনুষ্ঠানত ৷

মুখ্যমন্ত্ৰীসকলক বিহু প্ৰদৰ্শনীলৈ সাদৰ নিমন্ত্ৰণ জনোৱাৰ বাবে ইতিমধ্যে এখন তালিকাও প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ তালিকাত থকাসকলক অসম চৰকাৰৰ মন্ত্ৰীসকলে সোঁশৰীৰে গৈ অন্যান্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ পদূলিত শৰাই-তামোল থৈ বিহু উপভোগ কৰাৰ বাবে সাদৰ নিমন্ত্ৰণ জনাবলৈ উপস্থিত হৈছেগৈ ৷ ইতিমধ্যে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত ১১০০ বিহুৱা নাচনী নিৰ্বাচিত কৰা হৈছে(Assam Bihu Guinness book of world record) ।

লগতে শোণিতপুৰ জিলাৰ তিনি স্থানত এই বিহুৰ প্ৰশিক্ষণ আৰম্ভ হৈছে । অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত তেজপুৰ জ্যোতি ভাৰতী আৰু জিলা প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ কৰিছে । জিলাখনৰ তেজপুৰ হলেশ্বৰ বেবেজীয়া তিনিআলিতো অনুষ্ঠিত হৈছে এই অনুশীলন । বিহুৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰলৈ আহিব বুলি জ্যোতি ভাৰতীৰ বিষয়া জিতেন দাসে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Portrait of Zubeen Garg: হাত ব্যৱহাৰ নকৰাকৈ খোৱাঙৰ ডিপু বৰাৰ কেনেকৈ অংকন কৰিলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ?

ABOUT THE AUTHOR

...view details