অসম

assam

ETV Bharat / state

স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে বিহু মাৰিলে ফিল'বাৰীৰ আৰক্ষীয়ে

যিসকল আৰক্ষী বিষয়াই বিহু, পূজাৰ বতৰত নিজ পৰিয়ালৰ পৰা আঁতৰত থাকি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে বিহুৰ বতৰতো কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হয়, সেইসকল আৰক্ষী বিষয়া তথা জোৱানসকলক কিছু পৰিমাণে হ'লেও বিহুৰ আনন্দ দিয়াৰ উদ্দেশ্যেৰেই এই পদক্ষেপ ফিল'বাৰী শংকৰদেৱ শিশু নিকেতনৰ ।

স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে বিহু মাৰিলে ফিল'বাৰীৰ আৰক্ষীয়ে

By

Published : Apr 14, 2019, 11:16 PM IST

ডুমডুমা,14 এপ্ৰিল: আজি গৰু বিহু । বিগত বৰ্ষৰ দৰে এইবছৰো গৰু বিহুৰ দিনাখন ফিল'বাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য্য-আচাৰ্য্যা আৰু অভিভাৱকসকল একত্ৰিত হৈ হুঁচৰি মাৰিলে ফিল'বাৰী আৰক্ষী থানাত । যিসকল আৰক্ষী বিষয়াই বিহু, পূজাৰ বতৰত নিজ পৰিয়ালৰ পৰা আঁতৰত থাকি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে বিহুৰ বতৰতো কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হয়, সেইসকল আৰক্ষী বিষয়া তথা জোৱানসকলক কিছু পৰিমাণে হ'লেও বিহুৰ আনন্দ দিয়াৰ উদ্দেশ্যেৰে প্ৰতি বছৰে এইদৰে হুঁচৰি প্ৰদৰ্ষণ কৰে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ।

স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে বিহু মাৰিলে ফিল'বাৰীৰ আৰক্ষীয়ে

ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ প্ৰতি দায়িত্বশীল কৰাৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা বুলি জনায় বিদ্যালয়খনৰ শিক্ষকে । ইয়াৰ উপৰিও ফিল'বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুহেশ্বৰ দাসক বিহুৱান দি বিহুৰ শুভেচ্ছা জনায় নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ।

ABOUT THE AUTHOR

...view details