তিনিচুকীয়া,৩ নৱেম্বৰ :তিনিচুকীয়া জিলা কিক্ বক্সিং একাডেমী আৰু মাকুম কিক্ বক্সিং একাডেমীৰ উদ্যোগত মাকুম অনিৰুদ্ধ নগৰ বাইপাছ চাৰিআলিত মঙলবাৰে কাৰ্যালয় নিৰ্মাণৰ ভূমি পূজন আৰু ভোজন কাৰ্যসূচীৰ আয়োজন কৰে । উক্ত অনুষ্ঠানত কাৰ্যালয় নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰে গাঁৱৰে এজন সচেতন ব্যক্তিয়ে । এই অনুষ্ঠানত ৰাজ্যৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ , ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, মাকুম ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ মৰাণ, মাকুম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে বহু সন্মানীয় ব্যক্তি উপস্থিত থাকে ।
উক্ত অনুষ্ঠানতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে ১০ লাখ টকাৰ অনুদান দিয়াৰ কথা অৱগত কৰে আৰু ভৱিষ্যতে এই অনুষ্ঠানটোৰ বাবে আৰু সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । ইফালে এই ধৰণে অনুষ্ঠানে ভৱিষ্যতে বহু প্ৰতিভাৱান খেলুৱৈৰ জন্ম দিব বুলি আশাবাদী মন্ত্ৰী সঞ্জয় কিষাণ । লগতে ইয়াৰ পৰাই বহু খেলুৱৈয়ে ৰাজ্যৰ উপৰিও দেশৰ নাম উজলাব বুলি আশাবাদী মন্ত্ৰীগৰাকী ।