অসম

assam

Bharat Jodo yatra at Sadiya: আজি শদিয়াত সামৰণি পৰিব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

By

Published : Dec 15, 2022, 10:47 AM IST

ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানৰ বাবে শদিয়াত বাহৰ পাতিছে কংগ্ৰেছ নেতৃত্বই ৷ সামৰণি অনুষ্ঠানৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ মাকুমৰ লাইনা গাঁৱত সোণোৱাল কছাৰীসকলৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ অন্তৰংগ আলাপ ৷ ভূমিপুত্ৰ কছাৰী জনগোষ্ঠীৰ ৫০০ শতাধিক লোকৰ আজি পৰ্যন্ত ভূমিপট্টা নথকা ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

Bharat Jodo yatra to concluded today at Sadia
শদিয়াত সামৰণি পৰিব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

মাকুমৰ লাইনা গাঁৱত সোণোৱাল কছাৰীসকলৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ অন্তৰংগ আলাপ

তিনিচুকীয়া, 15 ডিচেম্বৰ: ধুবুৰীৰ পৰা শদিয়ালৈ বুলি আৰম্ভ কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই সম্পূৰ্ণ কৰিছে 45 দিন(Bharat Jodo yatra in Assam) ৷ অসমত ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা আজি অৰ্থাৎ বৃহস্পতিবাৰে অন্তিম দিন ৷ আজি শদিয়াত আনুষ্ঠানিকভাৱে সামৰণি পৰিব এই যাত্ৰাৰ ৷ সামৰণি অনুষ্ঠানৰ বাবে ইতিমধ্যে শদিয়াত বাহৰ পাতিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই ৷

ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানৰ বাবে শদিয়াত সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে(AICC President Mallikarjun Kharge) উপস্থিত হোৱাৰ কথা আছিল ৷ কিন্তু বিশেষ অসুবিধাৰ কাৰণে তেওঁ এই সামৰণি অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব বুলি আজি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ইফালে বুধবাৰে তিনিচুকীয়া জিলা মাকুমত অসম প্ৰদেশ কংগ্রেছ কমিটিৰ নেতৃবৃন্দই ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীয় প্ৰতিনিধিৰ সৈতে অন্তৰঙ্গ আলাপ নামৰ এটি অনুষ্ঠান অনুষ্ঠিত কৰে ।

মাকুম অঞ্চলৰ অন্তৰ্গত ধূলিজান লাইনা সোণোৱাল গাঁৱৰ ৰাজহুৱা খেলপথাৰত আয়োজিত উক্ত অনুষ্ঠানটিৰ বাবে অসম প্ৰদেশ কংগ্রেছ কমিটিৰ দলটোক গায়ন-বায়ন, কছাৰী জনগোষ্ঠীসকলৰ পৰম্পৰাগত লেছেৰি নৃত্যৰে আদৰণি জনোৱা হয় ৷ অন্তৰঙ্গ আলাপ অনুষ্ঠানটোত ছত্তীশগড়ৰ ৰায়পুৰৰ বিধায়ক বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা(APCC President Bhupen Kumar Borah), বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামী, মীৰা বৰঠাকুৰ, প্ৰণতি ফুকন, অংকিতা দত্ত প্ৰমুখ্যে কংগ্ৰেছৰ বহু দলীয় কৰ্মীৰ লগতে ওচৰ-চবুৰীয়া কেইবাখনো গাঁৱৰ ৰাইজ উপস্থিত থাকে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ধূলিজান লাইনা গাঁৱৰ ভূমিপুত্ৰ কছাৰী জনগোষ্ঠীৰ ৫০০ শতাধিক লোকৰ আজি পৰ্যন্ত ভূমিপট্টা নথকা ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷ তেওঁ শাসনাধিস্থ চৰকাৰক তীব্ৰ সমালোচনা কৰি বিধানসভাৰ ভিতৰে-বাহিৰে কথাটো উত্থাপন কৰাৰ বাবে এটা দল গঠন কৰিবলৈ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াক আহ্বান জনায় ৷ ইয়াৰ লগতে কংগ্ৰেছ শাসনলৈ আহিলে সমগ্ৰ বিষয়টো নিষ্পত্তি কৰাৰো আশ্বাস দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক:EM Sudden Visit at PWD Office: কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট কাৰ্যবাহী সদস্যৰ

ABOUT THE AUTHOR

...view details