অসম

assam

By

Published : Nov 15, 2021, 10:39 PM IST

ETV Bharat / state

কানাই পথাৰত বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱস উৎযাপন

কানাই পথাৰত বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱস উৎযাপন । উলহ মালহেৰে পাৰ হ’ল প্ৰথম দিনৰ কাৰ্যসূচী ৷

beer-birsha-munda-birthday-celebration
কানাইপথাৰত বীৰ বিৰছা মুণ্ডাৰ জন্ম দিবস উৎযাপন

তিনিচুকীয়া, 15 নবেম্বৰ :সোমবাৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকা ৩ নং কানাই পথাৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, ৩নং কানাই পথাৰ প্ৰাথমিক শাখা সমিতিৰ উদ্যোগত আৰু বৰডুমচা আঞ্চলিক সমিতিৰ সহযোগত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৬ তম্ জন্ম দিৱস উদযাপন কৰা হয় । তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱসৰ প্ৰথম দিনৰ কাৰ্যসূচী স্বৰূপে আছাৰ পতাকা উত্তোলন কৰা হয় ।

কানাই পথাৰত বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱস উৎযাপন

পতাকা উত্তোলন কৰে ৩নং কানাই পথাৰৰ প্ৰাথমিক সমিতি(আছা) সভাপতি ফ্ৰান্সিচ হাচদাই ৷ দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ কৰে এলবাৰ্ট বুড়, সম্পাদক ৩নং কানাই পথাৰৰ প্ৰাথমিক সমিতি(আছা) ৷ তৃতীয় কাৰ্যসূচী শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি বেনাদিক হেমৰমে । ইয়াৰ পাছতে আছাৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় জাষ্টিন লাকড়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় ।

ইয়াৰ পাছতে জন্ম দিৱসৰ সংগতি ৰাখি "কেক" কটা হয় ৷ জাতিটোৰ হকে শ্বহীদ হোৱা বীৰ সকলক সুঁৱৰি এক মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হয় । শেষত সংগঠনটোৰ আঞ্চলিক সমিতিৰ সভাপতিয়ে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আগন্তুক দিনৰ কার্যসূচীত উপস্থিত হ’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক :Narayan Chakraborty murder case : পত্নী-কন্যাক গ্ৰেপ্তাৰ লাতশিল আৰক্ষীৰ

ABOUT THE AUTHOR

...view details