অসম

assam

By

Published : Dec 25, 2019, 6:27 PM IST

ETV Bharat / state

অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 18 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন ৷ ৰাজ্যৰ সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাম মাত্ৰ আনুষ্ঠানিক নিয়মেৰে পালন কৰা হয় এই অনুষ্ঠানৰ ৷

BAYM Celebration Establishment day
অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া, 25 ডিচেম্বৰঃবুধবাৰে তিনিচুকীয়া উদযাপিত হ’ল বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 18 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বাহাদুৰ চাৰিআলি আঞ্চলিক সমিতি আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত বাহাদুৰ চাৰিআলি ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ এই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি পদ্মকান্ত দাসে ৷

অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

আনহাতে ৰাজ্যৰ সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামমাত্ৰ আনুষ্ঠানিক নিয়মেৰে প্ৰতিষ্ঠা দিৱস পালন কৰে সংগঠনটোৱে ৷ প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ দিনটোত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংগ্ৰাম আগুৱাই নিয়াৰ সংকল্প লয় সংগঠনটোৰ নেতা-কৰ্মী সকলে ৷

আৰু পঢ়কঃ2021 ৰ নিৰ্বাচনত ওফৰাই পেলোৱা হ'ব বিজেপিক: জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details