দুলীয়াজান, 7 ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ নৱম সংখ্যক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি ৷ অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ 10 টাকৈ ফুটবল দলে অংশ গ্ৰহণ কৰা এই খেলখন ২৯ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ৷ অৰুণাচল প্ৰদেশৰ লেকাং ফুটবল দলে বাৰেকুৰি ফুটবল ক্লাৱক পৰাজিত কৰি আৰু অসমৰ অইল ইণ্ডিয়া দুলীয়াজান ফুটবল দলে ‘বদৌচা’ ফুটবল দলক পৰাজিত কৰি দুয়োটি দলে ফাইনেললৈ অৱতীৰ্ণ হয় ৷
এই ফুটবল খেলখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক বিভাগৰ অধ্যাপক, অসম ফুটবল সন্থাৰ বিষয়ববীয়া, তিনিচুকীয়া ফুটবল সন্থাৰ বিষয়ববীয়া, উচ্চপদস্থ আৰক্ষী বিষয়ববীয়াকে ধৰি বাৰেকুৰিৰ বিভিন্ন পৰ্যায়ৰ ৰাজ্যিক-ৰাষ্ট্ৰীয় খেলুৱৈসকল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ ইয়াৰ লগতে খেলখনি অনুষ্ঠিত হোৱাৰ আগমূহুৰ্তত বিভিন্ন গীত-মাত পৰিবেশনেৰে অতি আমোদজনক কৰি তোলে সমগ্ৰ পৰিবেশ ৷