অসম

assam

ETV Bharat / state

তিনিচুকীয়াত বেংক জালিয়াতি, বেংক মেনেজাৰে সৰকালে 50 লাখ টকা - Bank fraud incident

গ্ৰাহকে গম নোপোৱাকৈ বেংকত 50 লাখ টকাৰ ঋণ ৷ বেংক মেনেজাৰ আৰু অন্য এজন লোকৰ বিৰুদ্ধে এই জালিয়াতিৰ অভিযোগ (Bank fraud incident) ৷

Etv BharatBank fraud incident in TINSUKIA
তিনিচুকীয়াত বেংক জালিয়াতি

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 12:11 PM IST

তিনিচুকীয়াত বেংক জালিয়াতি

তিনিচুকীয়া, ২২ ডিচেম্বৰ: তিনিচুকীয়াত বেংকৰ জালিয়াতিৰ চিকাৰ হৈছে ২ জনকৈ ব্যক্তি ৷ জালিয়াতিৰে বেংকৰ মেনেজাৰসহ এজন লোকে সৰকালে ৫০ লাখকৈ টকা। এই ঘটনাৰ পিচতে জাঙুৰ খাই উঠিছে জালিয়াতিৰ চিকাৰ হোৱা দুই ব্যক্তি ৷ ইফালে লোক দুজনে আৰক্ষী থানা, বেংক, ৰাজহ চক্ৰৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰাৰ পাচতো কোনো ধৰণৰ সহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

অভিযোগ অনুসৰি, তিনিচুকীয়া গেলাপুখুৰীৰ মনোজ চুতীয়াই হঠাতে খবৰ পায় যে তেওঁৰ নামত অৰিয়েণ্টেল বেংকত ৫০ লাখ টকাৰ ঋণ আছে। এই খবৰ লাভ কৰাৰ পিচতেই মনোজে বেংকত উপস্থিত হৈ সোধা পোছা কৰে ৷ তেতিয়া তেওঁৰ গম পায় যে, মনোজৰ নামত জালিয়াতি কৰি আনন্দ ৰাচিৱাচিয়া নামৰ ব্যক্তিজনে অৰিয়েণ্টেল বেংকৰ মেনেজাৰৰ লগত মিলি ৫০ লাখ টকাৰ ঋণ লয়।

উল্লেখ্য যে, মনোজৰ এডোখৰ ভূমি বেংকত বন্ধকত থৈ আনন্দ ৰাচিবাচিৱাই তেওঁৰ কাৰখানাত কাম কৰা শ্ৰমিক ব্ৰীজেশৰ নামত ৫০ লাখ টকাৰ ঋণ লৈ উধাও হয়।

এই ঘটনা পোহৰলৈ অহাৰ পিচতে আনন্দ ৰাচিৱাচিৱা আৰু অৰিয়েণ্টেল বেংকৰ মেনেজাৰ জনৈক ঝা এই ঘটনাৰ লগত জড়িত থকা বুলি ভুক্তভোগী লোকদ্বয়ে অভিযোগ উত্থাপন কৰিছে ৷ সম্প্ৰতি মনোজ চুতীয়া আৰু ব্ৰীজেশে ন্যায়ৰ আশাত আৰক্ষী থানা, বেংক, ৰাজহ চক্ৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে যদিও ন্যায় পাবলৈ সক্ষম হোৱা নাই। এই পৰ্যন্ত তিনিচুকীয়া আৰক্ষীও আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত আনন্দ ৰাচিৱাচিৱা আৰু অৰিয়েণ্টেল বেংকৰ মেনেজাৰ ঝাক ৷

অৱশেষত সংবাদমাধ্যমৰ কাষ চাপি দুই ভুক্তভোগীয়ে আৰক্ষী অধীক্ষকৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুই প্ৰৱঞ্চকক আটক কৰি উচিত ন্যায় প্ৰদান কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক:হোজাইত হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড হত্যাকাৰী গুলজাৰক

ABOUT THE AUTHOR

...view details