মাৰ্ঘেৰিটা,14 চেপ্তেম্বৰঃ সন্দেহজনক বাংলাদেশী ভিক্ষুৱে অসমত প্ৰৱেশ কৰা ঘটনাক লৈ শনিবাৰেও উত্তাল হৈ আছে মাৰ্ঘেৰিটা । শুকুৰবাৰে আছুৱে প্ৰতিবাদ কৰাৰ পাছত শনিবাৰে মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। সন্দেহজনক বৌদ্ধ ভিক্ষু অসমৰ বৌদ্ধ মঠত থকাৰ অভিযোগ উত্থাপন কৰি তেনে সন্দেহজনক বাংলাদেশী বৌদ্ধ ভিক্ষুক অসমৰ পৰা বিতাৰণ কৰাৰ দাবীত প্ৰতিবাদ কৰে। প্ৰতিবাদৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয় মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত ।
বাংলাদেশী ভিক্ষু অসমত প্ৰৱেশক লৈ উত্তাল মাৰ্ঘেৰিটা - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
শুকুৰবাৰে আছুৱে প্ৰতিবাদ কৰাৰ পাছত শনিবাৰে মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টাইয়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । সন্দেহজনক বৌদ্ধ ভিক্ষু অসমৰ বৌদ্ধ মঠত থকাৰ অভিযোগ উত্থাপন কৰি তেনে সন্দেহজনক বাংলাদেশী বৌদ্ধ ভিক্ষুক অসমৰ পৰা বিতাৰণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
বাংলাদেশী ভিক্ষুৱে অসমত প্ৰৱেশক লৈ উত্তাল মাৰ্ঘেৰিটা
কিছুদিন পূৰ্বে মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰৰ জ্ঞানদা বৌদ্ধ ভিক্ষুৱে আৰ টি আইৰ জৰীয়তে ডিগবৈৰ এটা বৌদ্ধ বিহাৰৰ অধ্যক্ষ দিপাংকৰ ভিক্ষুৰ বিৰুদ্ধে এই তথ্য পোহৰলৈ আনিছিল ৷ আনহাতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছৰে পৰা দিপাংকৰ ভিক্ষু পলাতক অৱস্থাত আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ এইক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অন্যথা অধিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ’ব বুলি আজি প্ৰতিবাদস্থলীৰ পৰাই হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।