অসম

assam

By

Published : Jan 14, 2020, 5:11 PM IST

ETV Bharat / state

অসমীয়া মাধ্যমৰ বিদ্যালয়ত বাংলা ভাষাৰ পাঠ্যপুথি!

দৰাচলতে ২০২০ বৰ্ষৰ নতুন পাঠ্যপুথি হাতত পাই হতভম্ব হৈ পৰিল তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকল ৷ কাকপথাৰৰ অসমীয়া মাধ্যমৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিখন মুদ্ৰণ হ'ল বাংলা ভাষাত ৷

অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠ্যপুথি বাংলা ভাষাৰ!
অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠ্যপুথি বাংলা ভাষাৰ!

শদিয়া,14 জানুৱাৰী: পুনৰ শিক্ষা বিভাগৰ বেমেজালিৰ ফলত বিপাঙত পৰিছে ৰাজ্যৰ কেবাখনো বিদ্যালয় ৷ এইবাৰ তিনিচুকীয়াৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত বাংলা ভাষাৰ পাঠ্যপুথি প্ৰদান কৰিলে শিক্ষা বিভাগে ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিভিন্ন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিখন সম্পূৰ্ণৰূপে বাংলা ভাষাত মুদ্ৰণ হৈ অহাত বিপাঙত পৰিছে বিদ্যালয় কতৃপক্ষ ৷ কোনো কোনো বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ ছাত্ৰীক বাংলা পাঠ্যপুথি বিতৰণ কৰিছে যদিও চৰকাৰে অসমীয়া বিদ্যালয়ত এইদৰে বাংলা ভাষাত পাঠ্যপুথি অহাক লৈ শিক্ষা বিভাগৰ ওপৰত সৰৱ হৈ পৰিছে আছু তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক বিতু ডেকাৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ তালুকদাৰ ৷

অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠ্যপুথি বাংলা ভাষাৰ!

দল সংগঠনসমূহে চৰকাৰৰ এনে কাৰ্যক সমালোচনা কৰাৰ লগতে আগন্তুক ৭ দিনৰ ভিতৰত অসমীয়া ভাষাৰ পাঠ্যপুথি প্ৰেৰণ কৰিবলৈ দাবী জনাইছে শিক্ষা বিভাগক ৷ অন্যথা ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলা কৰা চৰকাৰখনৰ বিৰুদ্ধে এইসকল ছাত্ৰ ছাত্ৰীক লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠন দুটাই ৷

লগতে পঢ়ক: ৰাজস্থানত হেল্পিং হেণ্ডৰ প্লাষ্টিক বিৰোধী যুঁজ

ABOUT THE AUTHOR

...view details