অসম

assam

By

Published : Sep 29, 2021, 1:00 PM IST

ETV Bharat / state

বাঘজানৰ TBK তৈল খাদটো অবৈধ আখ্যা বাঘজানবাসীৰ

বাঘজানৰ অইল ইণ্ডিয়াৰ ভিতৰত সংঘটিত হৈছে দুৰ্নীতি তথা অনিয়ম ৷ বিশেষকৈ বাঘজানৰ TBK তৈল খাদটোক লৈ উঠিছে অভিযোগৰ আঙুলি ৷ TBK তৈল খাদটোৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনাইছে বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘৰ সদস্য তথা বাঘজানবাসীয়ে ৷

TBK oil khad is illegal
বাঘজানৰ TBK তৈল খাদটো অবৈধ !

তিনিচুকীয়া, 29 ছেপ্তেম্বৰ: ‘বাঘজানত বহি থকা TBK তৈল খাদটো সম্পূৰ্ণ অবৈধ ৷ এই খাদটোৰ নাই কোনো ধৰণৰ আইন সংক্ৰান্তীয় কাগজ পত্ৰ ৷’ মঙলবাৰে এক সংবাদমেলযোগে এই কথা সদৰি কৰিছে বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘৰ সদস্য তথা বাঘজানবাসী ৰাইজে ৷

আনহাতে, বাঘজান অঞ্চলত প্ৰবল গৰাখহনীয়াৰ ওপৰতো চৰকাৰৰ আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব নাই বুলি উল্লেখ কৰে বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা মনোজ হাজৰিকাই । লগতে বিগত বৰ্ষ ২৭ মে' ২০২০ত বাঘজান BGN ৫ নং তৈল খাদত সংঘটিত হোৱা অভিশপ্ত অগ্নিকাণ্ডৰ পিছত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাঘজানলৈ আহি বাঘজান অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিয়ে হৈ ৰ’ল বুলি অভিযোগ উত্থাপন কৰিছে বাঘজানবাসীয়ে ।

বাঘজানৰ TBK তৈল খাদটো অবৈধ !

উল্লেখ্য যে, বিগত ২৫ ছেপ্তেম্বৰৰ নিশা প্ৰায় ৮ মান বজাত অইল ইণ্ডিয়াৰ বাঘজান টি বি কে খাদত সংঘটিত হৈছিল এক অঘটন ৷ জানিব পৰা মতে, উক্ত দিনা বাঘজান টি বি কে খাদত কৰ্মৰত এজন সুৰক্ষা কৰ্মীয়ে বাঘজানৰ আন এজন যুৱক কৰ্মচাৰীৰ মূৰত গুৰুতৰভাৱে আঘাত কৰিছিল ৷

লগতে পঢ়ক:গৰুখুঁটি কাণ্ড সন্দৰ্ভত দুই সাংসদৰ প্ৰতিক্ৰিয়া

এই ঘটনাৰ পিছতে অতি সংকটজনক অৱস্থাত বৰ্তমানো ডিব্ৰুগড় শ্ৰীমন্ত শংকৰদেৱ হাস্পলতালৰ ICU ত ভৰ্তি হৈ আছে আহত কৰ্মচাৰীজন । প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজন বাঘজান গাঁৱৰ বাসিন্দা ত্ৰিদীপ কিৰণ মৰাণ । ত্ৰিদীপ কিৰণ মৰাণ বাঘজান TBK তৈল খাদৰ এজন গাড়ী চালক হিচাপে নিয়োজিত হৈ আছিল । অইল ইণ্ডিয়াৰ ভিতৰতে সংঘটিত হোৱা এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছে স্থানীয় ৰাইজে ।

ৰাইজৰ দাবী, যুৱকজনৰ উন্নত চিকিৎসাৰ সকলোধৰণৰ খৰচ বহন কৰক অইল ইণ্ডিয়াই । আনহাতে, উক্ত ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ লগতে উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে বাঘজানৰ মিলনজ্যোতি যুৱ সংঘৰ সদস্য তথা বাঘজানবাসী ৰাইজে । লগতে ৰাইজৰ দাবী শীঘ্ৰে বন্ধ কৰক বাঘজান গাঁৱৰ সকলো অবৈধ খনন কাৰ্য ৷

লগতে পঢ়ক:শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details