ডুমডুমা,15 জুন:ৰাজ্যসভাৰ সাংসদ তথা বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী সোমবাৰে উপস্থিত হৈছে বাঘজানত ৷ বাঘজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ বুজ ল’বলৈ উপস্থিত হয় সাংসদগৰাকী ৷ দৈমাৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে বাঘজান-দীঘলতৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰি শিবিৰবাসীৰে মত বিনিময় কৰে ৷
বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ - CM Sarbananda Sonowal
বাঘজান অগ্নিকাণ্ডৰ এসপ্তাহ উকলাৰ পিছতহে ঘটনাস্থলীলৈ সোঁত বৈছে জন প্ৰতিনিধিৰ ৷ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছতে সোমবাৰে বাঘজানত উপস্থিত হয় বিপিএফ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ।

বাঘজান অগ্নিকাণ্ড
বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ
বাঘজানৰ অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা লোকসকলক আইনগতভাৱে ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপন দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় বিশ্বজিৎ দৈমাৰীয়ে ৷ লগতে তৈলখাদটোত সংঘটিত অগ্নিকাণ্ডৰ ফলত আঘাতপ্ৰাপ্ত এগৰাকী অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীৰ প্ৰাণ ৰক্ষা কৰা স্থানীয় যুৱক বিতুপন নেওগক সাংসদগৰাকীৰ লগতে মৰাণ ছাত্ৰ সন্থা আৰু মিলনজ্যোতি যুবক সংঘই একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায় ৷
লগতে চাওকঃজয়ন্ত বৰাৰ মৃত্যুৰ তদন্ত ঘোষণা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ