তিনিচুকীয়া, 12 জুলাই :ক’ভিড মহামাৰীৰ তাণ্ডৱৰ মাজতে, দেওবাৰে বাঘজান-দীঘলটৰং বাসী ৰাইজে প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত ১নং বাঘজান গাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বাঘজান ইপিএচ (Baghjan EPS) লৈ পদযাত্ৰা কৰি ইপিএচৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰে ৷ বাঘজান কাণ্ড (Baghjan fire issue)ত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক উপযুক্ত ক্ষতিপূৰণ (proper compensation) প্ৰদানৰ দাবীত এই বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চলিত বৰ্ষৰ ১৪ জুলাইৰ ভিতৰত তেওঁলোকৰ দাবী মানি ল’বলৈ আহ্বান জনায় প্ৰতিবাদকাৰী সকলে । অন্যথা অনাগত দিনত বাঘজান অঞ্চলত অইল ইণ্ডিয়া লিমিটেড ( Oil India Limited)ৰ কাম-কাজ তথা উৎপাদন সম্পূৰ্ণ বন্ধ কৰিব বুলি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিয়ে প্ৰতিবাদকাৰী ৰাইজে । বাঘজান কাণ্ডক লৈ কৰা এক জৰীপৰ তথ্য অনুসৰি, বাঘজান কাণ্ডত প্ৰায় ১৬০০ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল ।