তিনিচুকীয়া, 16 ছেপ্টেম্বৰ : প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত বাঘজান বাসী ৰাইজ । যিহেতু ১১৩ দিন ধৰি জ্বলি আছে বাঘজান BGR ৫নং তৈল খাদ । বাঘজানবাসীৰ ক্ষতিক লৈ তিনিটা ভাগত ভাগ কৰিছে প্ৰায় ৬০০টাকৈ পৰিয়ালক । তাৰে ১২টা পৰিয়ালক প্ৰথম ভাগত ৰাখি ২৫লাখ টকাকৈ দিলে অইল ইণ্ডিয়াই আৰু বাকী লোক সকলে এতিয়াও নিজৰ ক্ষতিৰ বাবদ এটাকাও পাবলৈ সক্ষম নাই ।
মোচন হোৱা নাই বাঘজান বাসীৰ চকুলো - অইল ইণ্ডিয়া
আজিও নিৰ্বাপিত হোৱা নাই বাঘজানৰ জুই । আজি ১১৩ টা দিনে জ্বলি আছে বাঘজান আৰু জ্বলি আছে বাঘজানবাসীৰ সপোনবোৰ।

Baghjan victims are still not getting help
মোচন হোৱা নাই বাঘজান বাসীৰ চকুলো
গতিকে বাঘজানৰ ৰাইজে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২৪ আগষ্টৰ পৰা বুধবাৰ পৰ্যন্ত অস্থায়ী শিবিৰ পাতি বসবাস কৰিছে । উল্লেখ যে, বাঘজানত ক্ষতি হোৱা লোক সকলে বাঘজানৰ ৰূপকোঁৱৰ জাতীয় বিদ্যালয় আৰু বাঘজান দীঘল টৰং মধ্য ইংৰাজী বিদ্যালয় অস্থায়ী শিবিৰ পাতি থাকিব লগা হৈছে। অইলৰ কৰ্তৃপক্ষই এতিয়াও বাঘজানৰ অগ্নি নিৰ্বাপন কৰিবলৈ সফল হোৱা নাই কিন্তু অহৰহ চেষ্টা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :বাঘজানবাসীৰ খবৰ কোনে ৰাখিছে ?