তিনিচুকীয়া,22জুন: হঠাৎ তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰন পৰিষদে ৷ ১৯ জুনত অইল ইণ্ডিয়া লিমিটেডক বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশনা দিছিল অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সোমবাৰে অইলৰ মুখ্য আৱাসিক কাৰ্যবাহী দিলিপ দাসলৈ লিখা পত্ৰত কেইটামান চুক্তিৰ ওপৰত ভিত্তি কৰি তৈলখাদ সমূহ বন্ধৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে ৷
বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশনা প্ৰত্যাহাৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ - tinsukia
তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰন পৰিষদে ৷ উল্লেখ্য যে, ১৯ জুনত অইল ইণ্ডিয়া লিমিটেডক বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশনা দিছিল অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷
অইলক ১৫ দিনৰ ভিতৰত বাঘজান তৈলক্ষেত্ৰত সংঘটিত হোৱা অগ্নি নিৰ্বাপন কৰাৰ লগতে পৰিৱেশ নিয়ন্ত্ৰণৰ পৰিকল্পনা প্ৰদান কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰন পৰিষদে ৷ অইলক অনুচ্ছেদ 25 ৰ পানী সুৰক্ষা আৰু প্ৰদূষণ নিয়ন্ত্ৰন আইন ১৯৭৪, অনুচ্ছেদ 21 ৰ বায়ু সুৰক্ষা আৰু প্ৰদূষণ নিয়ন্ত্ৰন আইন 1981 ৰ আধাৰত পৃথক ভাৱে সকলো খনন, উৎপাদন আৰু অন্য কাৰীকৰি দিশৰ লগতে পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ১ মাহৰ ভিতৰত CTO (consent to operate) ৰ বাবে আবেদন কৰিবলৈ নিৰ্দেশনা জাৰি কৰি অইলক উৎপাদন হোৱা আৱৰ্জনাৰ সকলো তথ্যৰ লগতে ইয়াক নিৰ্দিষ্ট স্থানত নিঃশেষ কৰাৰো তথ্য প্ৰদান কৰিবলৈ অইলক নিৰ্দেশনা প্ৰদান কৰি পৰিষদে বন্ধ প্ৰত্যাহাৰ কৰিছে ৷