অসম

assam

ETV Bharat / state

Baghjan gas leakage:বাঘজানৰ ক্ষতিগ্ৰস্তক অগ্ৰিম ক্ষতিপূৰণৰ ধন মোকলাই দিবলৈ দাবী - Protest against Oil India in Tinsukia

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ আদেশৰ ভিত্তিত অগ্ৰিম ক্ষতিপূৰণৰ ধন তাৎক্ষণিকভাৱে মোকলাই দিবলৈ বাঘজান মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত প্ৰতিবাদ ।

Protest against Oil India in Tinsukia
অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:54 PM IST

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ

তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ:উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৮ আগষ্টত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ক্ষতিগ্ৰস্ত বাঘজানবাসীক অগ্ৰিম ক্ষতিপূৰণৰ ধন মোকলাই দিবলৈ নিৰ্দেশ দিছিল । কিন্তু সেই নিৰ্দেশক পালন নকৰিলে অইল ইণ্ডিয়া লিমিটেডে । ইয়াৰে প্ৰতিবাদত তিনিচুকীয়া জিলাৰ বাঘজান মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত বাঘজানবাসী ৰাইজৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:Awareness Program at Silapathar: এসপ্তাহৰ ভিতৰত গাঁও এৰক ড্ৰাগছ সেৱন আৰু সৰবৰাহকাৰীয়ে, ৰাইজৰ সাৱধানবাণী

উল্লেখ্য যে ইয়াৰ পূৰ্বে ক্ষতিগ্ৰস্ত বাঘজানবাসীৰ ক্ষতিপূৰণ আদায়ৰ ওপৰত ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে । বৰ্তমানলৈকে মুঠ চাৰিটাকৈ আদেশ দিছে । আটাইকেইটা আদেশত অগ্ৰিম ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে । তাৰ পাছতো ন্যায়ালয়ৰ নিৰ্দেশক এটা মহাৰত্ন কোম্পানীয়ে তথা অসম চৰকাৰ আৰু জিলা প্ৰশাসনে কাৰ্যকৰী নকৰা,অগ্ৰিম ক্ষতিপূৰণ প্ৰদান কৰিবলৈ বাধ্য নকৰাটো কেৱল দুৰ্ভাগ্যজনকেই নহয় অতি লজ্জাজনক আৰু হতাশজনক ।

লগতে পঢ়ক:Demand for land patta in Guwahati : ভূমিহীন লোকক ভূমিৰ পট্টা নিদিলে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

প্ৰতিবাদকাৰী সকলে কয় যে বাঘজান BGN-5 ত সংঘটিত অইল বিস্ফোৰণ ঘটনাই আজি তিনি বছৰতকৈ অধিক দিন অতিক্ৰম কৰাৰ পাছতো ক্ষতিপূৰণ বাদেই অগ্ৰিম ক্ষতিপূৰণৰ ধন মোকলাই দিয়াত ব্যৰ্থ হৈছে অইল ইণ্ডিয়া লিমিটেডে । সেয়ে ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই ক্ষতিগ্ৰস্ত বাঘজানবাসী ৰাইজক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ আদেশৰ ভিত্তিত অগ্ৰিম ক্ষতিপূৰণৰ ধন তাৎক্ষণিকভাৱে মোকলাই দিবলৈ বাঘজান মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত বাঘজানবাসী ৰাইজৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে কয় যে লগতে বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চল দীঘলটৰং, নতুন ৰঙাগড়াৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক:Dibrugarh murder case : যুৱতী হত্যাৰ অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন কু-কীৰ্তিৰ তথ্য

For All Latest Updates

ABOUT THE AUTHOR

...view details