অসম

assam

ETV Bharat / state

ভোট বৰ্জন কৰাৰ হুংকাৰ বাঘজান-দীঘলটৰঙবাসী ৰাইজৰ - হুংকাৰ

শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ নাপালে ভোট বৰ্জন কৰাৰ হুংকাৰ বাঘজান-দীঘলটৰঙবাসী ৰাইজৰ ৷ তিনিচুকীয়া জিলাৰ প্ৰশাসনিক বিষয়া উপস্থিত হৈ ক্ষতিপূৰণ পাব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ সলনি আশ্বাস দিয়াৰ পৰিপ্ৰেক্ষিতত এই হুংকাৰ প্ৰতিবাদী ৰাইজৰ ৷

baghjan-issue
ভোট বৰ্জন কৰাৰ হুংকাৰ বাঘজান-দীঘলটৰঙবাসী ৰাইজৰ

By

Published : Feb 27, 2021, 8:53 PM IST

তিনিচুকীয়া,27ফেব্ৰুৱাৰী :2021ৰ অসম বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বাঘজান-দীঘলটৰঙবাসী ৰাইজে ৷ উপযুক্ত ক্ষতিপূৰণৰ দাবীত যোৱা 24 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন বাঘজান EPS (Early Production Systems) বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি অহা প্ৰতিবাদকাৰীসকলে প্ৰশাসনৰ পৰা কোনোধৰণৰ লিখিত প্ৰতিশ্ৰুতি নোপোৱাত শনিবাৰে আৰু অধিক ক্ষোভিত হৈ পৰে ৷

ভোট বৰ্জন কৰাৰ হুংকাৰ বাঘজান-দীঘলটৰঙবাসী ৰাইজৰ

প্ৰতিবাদকাৰীসকলৰ অভিযোগ,শনিবাৰে 4 দিনৰ পিচত তিনিচুকীয়া জিলাৰ প্ৰশাসনিক বিষয়া উপস্থিত হৈ ক্ষতিপূৰণ পাব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ সলনি আশ্বাসহে দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগী বাঘজান-দীঘলটৰঙবাসী ৰাইজে শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ নাপালে ভোট বৰ্জন কৰাৰ কথা সংবাদমাধ্যমযোগে অৱগত কৰে ৷

ভোট বৰ্জন কৰাৰ হুংকাৰ বাঘজান-দীঘলটৰঙবাসী ৰাইজৰ

লগতে পঢ়কঃঅসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ চেষ্টা চলাম : তেজস্বী যাদৱ

ABOUT THE AUTHOR

...view details