অসম

assam

ETV Bharat / state

বাঘজানবাসীয়ে পুনৰ বন্ধ কৰিলে বাঘজানৰ EPS তৈলখাদ - বাঘজান EPS তৈলখাদ

ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ৰায়দানত অসন্তুষ্ট বাঘজানৰ ৰাইজ আৰু বাঘজান মিলনজ্যোতি যুৱ সংঘ । ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ নিদিয়াত ক্ষোভিত হৈ পৰিছে বাঘজান মিলনজ্যোতি যুৱ সংঘৰ বিষয়ববীয়া । উপযুক্ত ক্ষতিপূৰণ লাভ নকৰা পৰ্যন্ত বাঘজানত তৈলখাদ বন্ধ কৰি ৰখা হ'ব বুলি ঘোষণা কৰিলে বাঘজান মিলনজ্যোতি যুৱ সংঘই ।

বাঘজানবাসীয়ে পুনৰ বন্ধ কৰিলে বাঘজানৰ EPS তৈলখাদ
বাঘজানবাসীয়ে পুনৰ বন্ধ কৰিলে বাঘজানৰ EPS তৈলখাদ

By

Published : Feb 24, 2021, 3:13 PM IST

তিনিচুকীয়া, ২৪ ফেব্ৰুৱাৰী: অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল বাঘজানবাসী । যোৱা ১৯ ফেব্ৰুৱাৰীত বাঘজানৰ ৰাইজে ক্ষতিপূৰণ লাভ কৰা সন্দৰ্ভত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে ৰায় দিয়াৰ পিছতে ক্ষুদ্ধ হৈ পৰিছে বাঘজান মিলনজ্যোতি যুৱ সংঘ । ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে অইল ইণ্ডিয়া লিমিটেডৰ পক্ষত থাকি ৰায়দান কৰাৰ অভিযোগ উত্থাপন কৰিছে বাঘজান মিলনজ্যোতি যুৱ সংঘই আৰু অনিৰ্দিষ্টকাললৈ বন্ধ কৰিলে বাঘজানৰ EPS তৈলখাদ ।

বাঘজানবাসীয়ে পুনৰ বন্ধ কৰিলে বাঘজানৰ EPS তৈলখাদ

শীঘ্ৰেই বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ প্ৰদানৰো দাবী জনায় । লগতে উপযুক্ত ক্ষতিপূৰণ লাভ নকৰা পৰ্যন্ত তৈলখাদৰ কাম-কাজ বন্ধ থাকিব বুলিও ঘোষণা কৰে বাঘজান মিলনজ্যোতি যুৱ সংঘই । ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ৰায়দানত বাঘজানবাসী সন্তুষ্ট নহয় বুলি মন্তব্য কৰে মিলনজ্যোতি যুৱ সংঘৰ বিষয়বববীয়াই । লগতে চৰকাৰেও বাঘজানবাসীৰ সমস্যাক আওকাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

তিনিচুকীয়া জিলা প্ৰশাসনে পূৰ্বে আশ্বাস দিছিল যদিও এতিয়া প্ৰশাসনেও বাঘজানবাসীক উচিত ক্ষতিপূৰণ প্ৰদানত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি ক্ষোভ উজাৰিলে বাঘজান মিলনজ্যোতি যুৱ সংঘই ।

লগতে পঢ়ক:আৰক্ষীক চৰিওৱা বিজেপি নেত্ৰীলৈ চৰকাৰৰ ৰঙা দলিচা

ABOUT THE AUTHOR

...view details