অসম

assam

ETV Bharat / state

বাঘজানৰ জুই নুমাল; কিন্তু নুমুৱালৈ বাকী বাঘজানবাসী ৰাইজৰ মনৰ জুই ! - অইল ইণ্ডিয়া লিমিটেডে

ধাৰাবাহিক ভাৱে প্ৰতিবাদ-সংগ্ৰাম কৰাৰ পাছতো সক্ষম নহ'ল বাঘজানবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিবলৈ । উপায়ন্তৰ হৈ শুকুৰবাৰৰ পৰা বাঘজানৰ ৰাইজে উপযুক্ত ক্ষতিপূৰণ বিচাৰি পুনৰ ৰাজপথত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

baghjan-issue-publice-protest-at-baghjan
বাঘজানৰ জুই নুমাল; কিন্তু নুমুৱালৈ বাকী বাঘজানবাসী ৰাইজৰ মনৰ জুই !

By

Published : Nov 28, 2020, 5:51 PM IST

তিনিচুকীয়া,28 নৱেম্বৰঃ যোৱা ১৫ নৱেম্বৰত সুদূৰ কানাডাৰ পৰা অহা বিশেজ্ঞৰ দলে স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত বাঘজানৰ অভিশপ্ত জুইকুৰা নুমুবাৱলৈ সক্ষম হ'ল । কিন্তু চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে আজিও নুমাবলৈ সক্ষম নহ'ল বাঘজানবাসীৰ মনৰ জুই ।

ধাৰাবাহিক ভাৱে প্ৰতিবাদ-সংগ্ৰাম কৰাৰ পাছতো সক্ষম নহ'ল বাঘজানবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিবলৈ । উপায়ন্তৰ হৈ শুকুৰবাৰৰ পৰা বাঘজানৰ ৰাইজে উপযুক্ত ক্ষতিপূৰণ বিচাৰি পুনৰ ৰাজপথত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।


উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেডে বাঘজানবাসী ৰাইজক আগধন নোপোৱা পৰ্যন্ত ভাড়াঘৰৰ বাবদ প্ৰতিটো পৰিয়ালক ৫০ হাজাৰকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও মাত্ৰ এবাৰেই ৫০ হাজাৰ টকা দি দায়িত্ব সামৰিলে ।

বাঘজানৰ জুই নুমাল; কিন্তু নুমুৱালৈ বাকী বাঘজানবাসী ৰাইজৰ মনৰ জুই !

আনহাতে যোৱা কেইদিনমানৰ আগত অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজানস্থিত মুখ্য কাৰ্যালয়ত হোৱা ত্রিপাৰ্ক্ষিক আলোচনাৰ সিদ্ধান্তমৰ্মে ক্ষতিগ্ৰস্ত বাঘজানবাসী ৰাইজক অহা ৩০ নৱেম্বৰৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় শ্ৰেণী হিচাপে দুটা শ্ৰেণীত বিভক্ত কৰি আগধন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল অইল ইণ্ডিয়া লিমিটেডে । সেই প্ৰতিশ্ৰুতি কেৱল ঘোষণা হৈয়ে থকা দেখা গ’ল ৷ কিন্তু আজি আহি নৱেম্বৰ অতিক্ৰম কৰিবলৈ হ’ল । আজি পৰ্যন্ত অইল ইণ্ডিয়া লিমিটেডে ক্ষতিগ্ৰস্ত বাঘজানবাসী ৰাইজক আগধন দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে কয় যে, যেতিয়ালৈকে বাঘজানবাসীৰ দাবী মানি নলয়, তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব। অন্যথা কোনো ইতিবাচক সঁহাৰি লাভ নকৰিলে ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ।

এতিয়া প্ৰশ্ন হয়, সঁচাকৈ বাঘজানবাসী ৰাইজৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত উপলুঙা কৰিছে নেকি অইল ইণ্ডিয়া লিমিটেডে তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগে ৷ বাঘজানবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাবলৈ সক্ষম হ'বনে ? সেইয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।

লগতে পঢ়কঃ মুখত যি আহে তাকেই বকিছে হিমন্তই : অঞ্জলী দৈমাৰী

ABOUT THE AUTHOR

...view details