অসম

assam

By

Published : Jul 7, 2020, 4:55 PM IST

ETV Bharat / state

পুনৰ উত্তপ্ত বাঘজান: আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ

মঙলবাৰে বাঘজান কাণ্ডই অতিক্ৰম কৰিলে 42 দিন ৷ কিন্তু আজিকোপতি নিৰ্বাপিত নহ’ল বাঘজানৰ জুই ৷ ক্ষুব্ধ গাঁৱবাসীয়ে এই কাৰ্যৰ প্ৰতিবাদ জনাই অগ্নিকাণ্ড সংঘটিত হোৱা স্থানলৈ সমদল বাহিৰ কৰি গৈ আত্মজাহৰ ভাবুকি প্ৰদান কৰে ৷

Baghjan Issue people demanded for attempt of suicide dumduma tinsukia assam etv bharat news
নিৰ্বাপিত হোৱা নাই বাঘজানৰ জুই

ডুমডুমা,7 জুলাই: বাঘজানৰ অগ্নিকাণ্ডই প্ৰায় ডেৰমাহ অতিক্ৰম কৰাৰ পিছতো লগ এৰা দিয়া নাই বিতৰ্কই ৷ বিগত মে’ মাহৰ 9 তাৰিখে সংঘটিত হোৱা বাঘজান অগ্নিকাণ্ডই প্ৰায় সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল ৷ উক্ত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল অগ্নি নিৰ্বাপত বাহিনীত কৰ্মৰত দুজনকৈ কৰ্মচাৰীয়ে ৷ পৰৱৰ্তী সময়ত বিভিন্ন দল-সংগঠনৰ নেতা বাঘজানত উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত আগবঢ়োৱাৰ আশ্বাস প্ৰদানৰ লগতে বাঘজানবাসীৰ সমস্য়া সমাধান কৰাৰ বাবে দাবী জনাইছিল চৰকাৰক ৷ ইয়াৰোপৰি উক্ত স্থান পৰিদৰ্শনৰ বাবে উপস্থিত হৈছিল কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দুয়োগৰাকী মন্ত্ৰীয়ে অগ্নিকাণ্ড সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰি গাঁৱবাসীক শীঘ্ৰে সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে ৷ লগতে বাঘজানবাসীৰ বাবে সুকীয়াকৈ সংস্থাপনৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মন্ত্ৰীদ্বয়ে ৷ কিন্তু উক্ত ঘটনাৰ প্ৰায় ডেৰমাহ অতিক্ৰম কৰাৰ পিছতো সমস্যা সমাধান নহ’ল বাঘজানবাসীৰ ৷

নিৰ্বাপিত হোৱা নাই বাঘজানৰ জুই

সেয়ে চৰকাৰৰ এই ভূমিকাত ক্ষুব্ধ হৈ বাঘজানবাসীয়ে মঙলবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ উত্তেজিত স্থানীয় লোকসকল ৰাজপথলৈ আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আত্মজাহৰ ভাবুকি প্ৰদান কৰে ৷ প্ৰতিবাদী লোকসকলে এক সমদল উলিয়াই বাঘজান তৈলখাদৰ অগ্নিপিণ্ডলৈ আত্মজাহৰ বাবে আগবাঢ়ে । উত্তেজিত ৰাইজে আৰক্ষী প্ৰশাসনে নিৰ্মাণ কৰা কেইবাটাও বেৰীকেড ভাঙি অগ্নিপিণ্ডৰ অভিমুখে আগবাঢ়ে ৷ কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীৰ তীব্ৰ বাধাৰ ফলত অগ্নিপিণ্ডৰ সমীপত পথৰ ওপৰত বহি পৰে প্ৰতিবাদকাৰীসকল । উল্লেখ্য যে, মঙলবাৰে ৪২ দিন অতিক্ৰম কৰা বাঘজান কাণ্ডৰ জুই সম্প্ৰতিও নিৰ্বাপিত হোৱা নাই ।

লগতে চাওকঃজলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি

ABOUT THE AUTHOR

...view details