তিনিচুকীয়া, 29 মে': 72 ঘণ্টা পাৰ হৈ যোৱা পিছতো নিয়ন্ত্ৰণলৈ অহা নাই তিনিচুকীয়াৰ বাঘজান তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদৰ পৰা গেছ নিৰ্গত হোৱাৰ ঘটনা ৷ এই ঘটনাই এতিয়া অধিক আতংকিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক ৷ গেছ খাদটোৰ পৰা বৰ্তমানেও অহৰহ ভাবে নিৰ্গত হৈ আছে গেছ ৷ শুকুৰবাৰে দিনটোত অঞ্চলটোত গেছ আৰু তেল সংমিশ্ৰিত পদাৰ্থ নিৰ্গত হৈ বহু পক্ষ ধনৰ মৃত্যু হয় ৷
সমান্তৰাল কৈ কাষৰীয়া মাগুৰি মতাপু বিলৰ জলচৰ প্ৰাণীৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ দিনৰ ভাগত এটা আপুৰুগীয়া শিশু পোৱালি ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মতাপু বিলত ৷ তৈল ক্ষেত্ৰৰ পৰা মাত্ৰ 500 মিটাৰ আতৰ থকা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতো ইয়াৰ প্ৰভাৱ গুৰুতৰ ভাবে পৰিছে ৷