অসম

assam

By

Published : Sep 15, 2020, 5:25 PM IST

ETV Bharat / state

ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

৯ জুন তাৰিখে বাঘজানত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত অইল ইণ্ডিয়াৰ বাৰাম্বাৰ প্ৰচেষ্টাৰ পিছতো নিৰ্বাপিত হোৱা নাই BGR-৫ তৈলখাদৰ জুই ৷ ইফালে তৈলখাদৰ পৰা নিৰ্গত হোৱা গেছে ক্ৰমান্বয়ে বিষাক্ত কৰি তুলিছে বাঘজানৰ পৰিৱেশ ৷

Baghjan fire cause huge damage to the environment of loacal villages
ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

ডুমডুমা,15 ছেপ্তেম্বৰঃ অনিশ্চয়তাই যেন লগ এৰা নাই বাঘজানবাসীৰ ৷ জ্বলিয়েই আছে অভিশপ্ত BGR-৫ নম্বৰ তৈলখাদৰ জুই ৷ ৯ জুন তাৰিখে সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত অইল ইণ্ডিয়াৰ বাৰাম্বাৰ প্ৰচেষ্টাৰ পিছতো নিৰ্বাপিত হোৱা নাই BGR-৫ নম্বৰ তৈলখাদৰ জুই ৷ এই জুইয়ে থানবান কৰিছে বহুতৰে সপোনৰ ঘৰখন । নষ্ট কৰিছে বহু কৃষিভূমি । যাৰ বাবে প্ৰতিদিনে অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰত থকা গঞাই ৷

ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

ইফালে তৈলখাদৰ পৰা নিৰ্গত গেছে ক্ৰমান্বয়ে বিষাক্ত কৰি তুলিছে বাঘজানৰ পৰিৱেশ ৷ যাৰ ফলত খাদটোৰ সমীপত এফালৰ পৰা মৃত্যু মুখত পৰিছে জীৱ-জন্তু,পশু-পক্ষীকে আদি কৰি তৰু-তৃণ ৷ জীৱ জন্তুৱে জন্ম দিছে মৃত পোৱালী ৷ অঞ্চলটোৰ লোকসকলৰ দেহটো দেখা দিছে নানা অচিন ৰোগে ৷

বাঘজান

এই অভিশপ্ত ঘটনাই 100 দিন অতিক্ৰম কৰাৰ পিছতো ক্ষতিগ্ৰস্ত লোকসকলে লাভ কৰা নাই উপযুক্ত ক্ষতিপূৰণ ৷ আনহাতে,অইল ইণ্ডিয়া কৰ্তৃপক্ষয়ো জুই নিৰ্বাপনৰ সলনি উৎপাদন কাৰ্যতহে প্ৰদান কৰিছে অধিক গুৰুত্ব ৷ যদি আগলৈয়ো এনেকৈয়ে অহৰহ তৈলখাদটোৰ জুই জ্বলি থাকে তেন্তে অনাগত কেইবাবছৰলৈ বাঘজানে হেৰুৱাবে জীৱৰ বাবে উপযোগী পৰিৱেশ ৷

বাঘজান

লগতে পঢ়ক-লক ডাউনে বিপদত পেলাইছে ধেমাজিৰ এহাল দম্পতিক

ABOUT THE AUTHOR

...view details