তিনিচুকীয়া,18 জানুৱাৰী :বাঘজানৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত পুনৰ উত্তেজিত হৈ পৰিছে বাঘজান-দীঘলটৰংবাসী ৰাইজ ৷ বহু প্ৰতিবাদৰ পাছতো তিনিচুকীয়া জিলা প্ৰশাসন, চৰকাৰ তথা অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ সঁহাৰি নোপোৱাত এইবাৰ অনিৰ্দিষ্টকালীন বাঘজান EPS অইল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাইজে ৷ সোমবাৰৰ পৰা বাঘজান-দীঘলটৰং উন্নয়ন সমিতিৰ উদ্যোগত বাঘজান EPS তৈলকূপৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে প্ৰতিবাদী ৰাইজে ৷
প্ৰতিবাদকাৰী সকলৰ দাবী শীঘ্ৰে ক্ষতিগ্ৰস্ত ৰাইজক অইল ইণ্ডিয়া লিমিটেডে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক ৷ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT)ত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ আনহাতে অহা মঙলবাৰৰ ভিতৰত অইল কৰ্তৃপক্ষ, ক্ষতিগ্ৰস্ত ৰাইজ আৰু জিলা প্ৰশাসনৰ মাজত ত্ৰি-পাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ পিছতো কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ নকৰিলে অনিৰ্দিষ্টকালীন বাঘজানৰ EPS অইল অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷