তিনিচুকীয়া, 11 জানুৱাৰী :বাঘজান তৈলখাদৰ জুই নিৰ্বাপন হ’ল কিন্তু বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সমস্যা সমাধান নহ'ল। বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত সোমবাৰে বাঘজান-দীঘলতৰং উন্নয়ন সমিতিৰ উদ্যোগত শতাধিক লোকে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে উপযুক্ত ক্ষতিপূৰণৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰও প্ৰদান কৰে । ইয়াৰ পিছতো বাঘজানবাসীয়ে কোনো ধৰণৰ ইতিবাচক সঁহাৰি লাভ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ তেওঁলোকে লগতে বাঘজান EPS তৈলখাদো অৱৰোধ কৰাৰ হুংকাৰ দিয়ে ।
বাঘজানৰ ক্ষতিপূৰণৰ দাবীত তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ - বাঘজান
বাঘজান তৈলক্ষেত্ৰৰ 5নং খাদত 2020 চনৰ 27 মে’ত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল আৰু 15 নৱেম্বৰত তৈলখাদৰ জুই নিৰ্বাপন কৰা হৈছিল । ইয়াৰ পাছতেই ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষতিপূৰণ দিয়াৰ বাবে জৰীপ কৰা হৈছিল যদিও আজি পৰ্যন্ত বাঘজান-দীঘলটৰংবাসীয়ে কোনো ধৰণৰ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
উল্লেখ্য যে,বাঘজান তৈলক্ষেত্ৰৰ 5নং খাদত 2020 চনৰ 27 মে’ত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল আৰু 15 নৱেম্বৰত তৈলখাদৰ জুই নিৰ্বাপন কৰা হৈছিল । ইয়াৰ পাছতেই ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষতিপূৰণ দিয়াৰ বাবে জৰীপ কৰা হৈছিল যদিও আজি পৰ্যন্ত বাঘজান-দীঘলটৰংবাসীয়ে কোনো ধৰণৰ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই । বাঘজানৰ দাঁতিকাষৰীয়া দীঘলটৰংবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাবলৈ আৰু কিমান দিন এনেদৰে ৰ’ব লাগিব ? তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লব'নে ? ই পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক :গোৱালপাৰা আৰক্ষীৰ জালত গুলিচালনাৰ অভিযুক্ত মাধুৰ্য ৰায়