অসম

assam

By

Published : Nov 21, 2020, 7:28 PM IST

ETV Bharat / state

বাঘজানত ধাৰাবাহিক ডকাইতি কাণ্ডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ

তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে সংঘটিত ডকাইতিৰ প্ৰতিবাদত বাঘজান আৰক্ষী থানা ঘেৰাও আটছাৰ ৷ দুৰ্বৃত্তক অতিশীঘ্ৰে আটক কৰি ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনায় সংগঠনটোৰ সদস্যসকলে ৷

A_DDM_801_Baghjan_ATSA_protest_img_ASC10048
বাঘজানত ধাৰাবাহিক ডকাইতি কাণ্ডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ

ডুমডুমা, 21 নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সঘনাই সংঘটিত ডকাইতি কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৷ জিলাখনৰ ডুমডুমা, বাঘজান,বৰডুবি আদি অঞ্চলত বিগত কিছুদিন ধৰি সঘনাই সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো ডকাইতি কাণ্ড ৷ আনহাতে, এই ডকাইতি কাণ্ডৰে জড়িত দুৰ্বৃত্তক কৰায়ত্ব কৰি সাধাৰণ ৰাইজক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষী ৷ ইয়াৰ প্ৰতিবাদতে শনিবাৰে আটছাৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কেইবাটাও শাখা সমিতিৰ সহযোগত বাঘজান থানাৰ সন্মুখত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

বাঘজানত ধাৰাবাহিক ডকাইতি কাণ্ডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ

উল্লেখ্য যে, কিছুদিন পূৰ্বে বাঘজান আৰক্ষী থানাৰ অন্তগৰ্ত গটং দৰ্জিজান গাৱঁত অস্ত্ৰধাৰী ডকাইতৰ দলে চাৰিজনীয়া যুৱতীৰ দলক চোকা অস্ত্ৰ দেখুৱাই নগদ ধনসহ ম’বাইন ফোন লৈ যায় ৷ ইয়াৰ উপৰিও কিছুদিন পূৰ্বে এগৰাকী পঞ্চায়ত সচিবক অস্ত্ৰধাৰী ডকাইতৰ দলে ডুমডুমা ৰূপাইৰ পথত আগভেটি ধৰি বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে নগদ ধন আৰু মোবাইল ফোন লৈ যোৱাৰ লগতে ষট্ পূজাস্থলীত দুৰ্বৃত্তৰ এটা দলে অস্ত্ৰ দেখুৱাই হোণ্ডা জেনেৰেটৰ' এটা লৈ পলায়ন কৰে । এইসমূহ ডকাইডি কাণ্ডৰে জড়িত কোনো দুৰ্বৃত্তৰে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ সেয়েহে দুৰ্বৃত্তক অতিশীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ লগতে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰসাশনক দাবী জনায় আটছাই ৷

লগতে পঢ়ক-সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে : দেওবাৰে যোগ দিব বিজেপিত

ABOUT THE AUTHOR

...view details