ডুমডুমা,25 ফেব্ৰুৱাৰী: পুনৰ উত্তপ্ত হৈ পৰিছে বাঘজান । বাঘজানৰ BGR-5 নং তৈলখাদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত প্ৰায় 1200 পৰিয়ালে আজিলৈকে লাভ কৰা নাই উচিত ক্ষতিপূৰণ ।
শতাধিক মহিলাৰ প্ৰতিবাদেৰে উত্তাল বাঘজান - ক্ষতিগ্ৰস্ত লোক
বাঘজানত পুনৰ প্ৰতিবাদ । বাঘজান EPS ৰ সমীপত শ-শ মহিলাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত । চৰকাৰে বৰ্তমানো ক্ষতিপূৰণ নিদিয়াৰ দাবীত এই প্ৰতিবাদ ৷
বাঘজানত পুণৰ প্ৰতিবাদ
যাৰ প্ৰতিবাদত পুনৰ শতাধিক মহিলাই বাঘজান BGR-5 নং তৈলখাদৰ সমীপত থকা বাঘজান EPS ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । বাঘজান-দীঘলতৰঙৰ লোকসকলক চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই ক্ষতিপুৰণ দিয়াৰ নামত চূড়ান্ত প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ নামত মাত্ৰ আলোচনাহে কৰি থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে প্ৰতিবাদী লোকসকলে ।
লগতে পঢ়ক:বটদ্ৰৱাত আবতৰীয়া দীপাৱলী