তিনিচুকীয়া, 7চেপ্তেম্বৰ : অৱশেষত 104 দিনে নিৰন্তৰ জ্বলি থকা বাঘজান বিজিআৰ 5 নং তেল খাদৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হ’ল অইল কৰ্তৃপক্ষ ৷ অইল কৰ্তৃপক্ষৰ দাবী বিদেশী বিশেষজ্ঞ দলৰ আপ্ৰাণ চেষ্টাত সোমবাৰে বাঘজানৰ পাঁচ নং খাঁদৰ প্ৰায় তিনি হাজাৰ ফুট তলত গেছ নিৰ্গত হৈ থকা পাইপ ডালৰ মূৰত কেপিং কৰিবলৈ তেওঁলোক সক্ষম হৈছে ৷ কেৱল বাঘজানবাসীৰে নহয়,সমগ্ৰ অসমবাসীৰে এতিয়া মাত্ৰ এটাই আশা-সোনকালে নিৰ্বাপিত হওঁক বাঘজানৰ জুই,ওৰ পৰক সকলো দুঃচিন্তাৰ ৷ অইল খাদত জ্বলি থকা জুইকুৰাৰ সমান্তৰালকৈ বাঘজানবাসীৰ মনত নিৰন্তৰ জ্বলি থকা দুঃচিন্তাৰ জুইকুৰা নুমুৱাবলৈ এইবাৰ নতুন কৌশল অইল কৰ্তৃপক্ষৰ ৷ অচিৰেই বাঘজানবাসীৰ বাবে আহিব পাৰে এক সুখবৰ ৷
বহুকেইটা অসফল প্ৰচেষ্টাৰ পাছত কানাডাৰ বিশেষজ্ঞৰ দলৰ সহযোগত গেছ নিৰ্গমন বন্ধ কৰিবলৈ এইবাৰ অন্য এক পন্থা ৷ ইতিমধ্যে খাদটোৰ পৰা অহৰহ নিৰ্গত হৈ থকা প্ৰাকৃতিক গেছক বিভক্ত কৰি তেলকূপৰ পৰা গেছ আঁতৰাই লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ লগে লগে এতিয়া দুকুৰা জুইৰে নিৰ্গত হ'ব গেছ ৷ খবৰ অনুসৰি গেছ নিৰ্গমনক দুটা ভাগত বিভক্ত কৰি দিয়াৰ ফলত গেছৰ চাপ কিছু পৰিমানে হ্ৰাস পাব ৷ এই কৌশলৰ জড়িয়তে অতি সোনকালে গেছৰ নিৰ্গমন বন্ধ হ'ব বুলি আশা প্ৰকাশ হৈছে ৷
উল্লেখযোগ্য যে, বিগত 27 মে’ত অইলৰ বাঘজানস্থিত বিজিআৰ 5 নং তৈল খাদত সংঘটিত গেছ নির্গমন আৰু তাৰ পাছতে হোৱা 9 জুনৰ অগ্নিকাণ্ডৰ ঘটনাই শতাধিক লোকক সৰ্বস্বান্ত কৰি তুলিছিল ৷ 8 জুনত বাঘজানত উপস্থিত হৈ গেছ নিৰ্গমন ৰোধৰ বাবে নিয়োজিত হৈছিল ছিংগাপুৰৰ বিশেষজ্ঞৰ দলটো৷ চেষ্টা অব্যাহত ৰাখিছিল গেছ নিৰ্গত হৈ থকা স্থানত নতুনকৈ কেপিং কৰি গেছৰ নিৰ্গমন ৰোধ কৰিবলৈ৷ কিন্তু দুৰ্ভাগ্যবশতঃ ভাবে বিশেষজ্ঞৰ দলটোৱে তেল আৰু গেছৰ নিৰ্গমন ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় তৈলখাঁদটোত৷ আৰু লগে লগে অগ্নিকাণ্ডৰ সুত্ৰপাত হয় অইলৰ পাঁচ নং তৈল খাঁদত৷ লগে লগে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে৷ ফলত অঞ্চলটোৰ প্ৰায় শতাধিক আৱাসগৃহ জুইত ভস্মীভূত হোৱাৰ লগতে জুইত জাহ গ’ল বিস্তীৰ্ণ কৃষি ভূমি অঞ্চল৷ জীৱন্তে অগ্নিদগ্ধ হৈ দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰাণ গ’ল ভালেসংখ্যক জীৱকূলৰ৷