তিনিচুকীয়া, ৮ আগষ্ট: আজি তিনিচুকীয়াৰ ধলাত তৈল খেজুৰ ৰোপণৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে যোগগুৰু বাবা ৰামদেৱ,ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসন, পতঞ্জলি ফুডছ লিমিটেডৰ সহযোগত আয়োজন কৰা হয় এই তৈল খেজুৰ ৰোপণ অনুষ্ঠানৰ ।
তৈল খেজুৰ ৰোপণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,যোগগুৰু বাবা ৰামদেবৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাই এই খেতিৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'বলৈ পাৰি সেইবিষয়ে ব্য়াখ্য়া কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়,"ভাৰত চৰকাৰে গৱেষণা কৰি পাইছে যে উত্তৰ-পূৰ্বাঞ্চলৰ মাটি পাম অইল খেতিৰ বাবে উপযোগী ৷ প্ৰথমে এটা ধাৰণা আছিল যে মাটিৰ তলৰ পানী শুহি লয় বুলি ৷ কিন্তু এতিয়া সেয়া গৱেষণা কৰি প্ৰমাণ হৈছে যে উত্তৰ -পূৰ্বাঞ্চলত বৰষুণৰ পানীয়েই এই খেতিৰ বাবে যথেষ্ট ৷ আমি খাৰুৱা তেল বিদেশৰ পৰা আনিবৰ কাৰণে যেনেদৰে খৰচ কৰো তেনেদৰেই আমি ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ পৰা পাম অইল আনিবলৈ খৰছ কৰো ৷ গতিকে আমি ৰাজ্যত পাম অইল খেতি কৰিবলৈ চাৰিটা কোম্পানীৰ সৈতে যোগাযোগ কৰিছো । তেনেদৰেই তিনিচুকীয়া,ডিব্ৰুগড়ত পতঞ্জলিৰ স'তে চুক্তি সম্পন্ন কৰা হৈছে ৷"